নিজৰ ক্লিনিকতে ৰোগীক বলাৎকাৰৰ অপচেষ্টা চলোৱাৰ অভিযোগ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে। ঘটনাটো সংঘটিত হৈছে কেৰেলাত। স্ত্ৰী–ৰোগ বিভাগৰ চিকিৎসক ডা০ ছালন কুমাৰ কেৰেলাৰ তিৰুৱন্তপুৰমৰ এখন চৰকাৰী চিকিৎসালয়ত কৰ্মৰত। কিন্তু ২ নৱেম্বৰৰ দিনা চিকিৎসকজনৰ ব্যক্তিগত চেম্বাৰলৈ চিকিৎসাৰ বাবে আহিছিল এগৰাকী যুৱতী। ক্লিনিকখনতে যুৱতীগৰাকীক বলাৎকাৰৰ অপচেষ্টা কৰে চিকিৎসকজনে। যুৱতীগৰাকীয়ে চিকিৎসকজনৰ বিৰুদ্ধে আৰক্ষী চকীত গোচৰ ৰুজু কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কুলাংগাৰ চিকিৎসকজনক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 07, 2019, 14:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|