মুখ্যপৃষ্ঠা »খবৰ »দেশ »জ্ঞানবাপী গোচৰ শুনানিৰ যোগ্য হয় নে নহয়; বাৰাণসীৰ আদালতত আজি হ’ব সিদ্ধান্ত

জ্ঞানবাপী গোচৰ শুনানিৰ যোগ্য হয় নে নহয়; বাৰাণসীৰ আদালতত আজি হ’ব সিদ্ধান্ত

প্ৰায় ২১ দিন ধৰি চলি থকা তৰ্ক-বিতৰ্কৰ পাছত আদালতে জ্ঞানবাপী সন্দৰ্ভত দাখিল হোৱা গোচৰ শুনানি যোগ্য হয়নে নহয় সেই বিষয়টোৰ সিদ্ধান্ত দিয়া হ'ব।

  • Share this:
জ্ঞানবাপী পৰিসৰত অৱস্থিত শৃংগাৰ গৌৰীৰ নিয়মীয়া দৰ্শন–পূজাৰ দাবীক লৈ কৰা আবেদনৰ শুনানি যোগ্য হয় নে নহয় সেই সন্দৰ্ভত বাৰাণসীৰ আদালতে আজি নিজৰ সিদ্ধান্ত জনাব। এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত আজি বাৰাণসীত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে যাতে কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত নহয়।

জ্ঞানবাপী–শৃংগাৰ গৌৰী গোচৰৰ সৈতে জড়িত কিছু বিশেষ তথ্য জানো আহকঃ

সোমবাৰে বাৰাণসীৰ জ্ঞানবাপী চৌহদৰ গোচৰ সন্দৰ্ভত জিলা আদালতৰ ৰায় দিয়া হ’ব। আদালতে জ্ঞানবাপী শৃংগাৰ গৌৰী গোচৰ মোকৰ্দমাৰ যোগ্য হয় নে নহয় সেই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব।

আদালতৰ সিদ্ধান্তৰ পূৰ্বতে কাশীৰ মন্দিৰত উপাসনা আৰম্ভ হৈছে। মহাবীৰ মন্দিৰতো হৱন-পূজা পৰিৱেশন কৰা হৈছে। এই গোচৰটো সন্দৰ্ভত মানুহৰ মাজত যথেষ্ট উৎসুকতা দেখা পোৱা গৈছে।

প্ৰায় ২১ দিন ধৰি চলি থকা তৰ্ক-বিতৰ্কৰ পাছত আদালতে জ্ঞানবাপী সন্দৰ্ভত দাখিল হোৱা গোচৰ শুনানি যোগ্য হয়নে নহয় সেই বিষয়টোৰ সিদ্ধান্ত দিয়া হ'ব।

এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত বাৰাণসী আৰক্ষী আয়ুক্তৰ কাৰ্যালয় সম্পূৰ্ণৰূপে সতৰ্ক হৈ আছে যাতে অঞ্চলটোত কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত নহয়। সেয়েহে বাৰাণসীত আজি ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

জিলাখনৰ বিভিন্ন অংশত নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু সকলো আৰক্ষী বিষয়াক তেওঁলোকৰ অঞ্চলৰ ধৰ্মীয় নেতাসকলৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

জ্ঞানবাপী চৌহদত শৃংগাৰ গৌৰীৰ নিয়মীয়া দৰ্শন-পূজা কৰিব বিচৰা আবেদনৰ জিলা ন্যায়াধীশ এ.কে. বিশ্বেশ্বৰ আদালতত চলি থকা শুনানীৰ যোগ্য হয় নে নহয় সেই সন্দৰ্ভত ইতিমধ্যে তৰ্ক-বিতৰ্ক সম্পূৰ্ণ হৈছে। আদালতে আজি ইয়াৰ ওপৰত এটা নিৰ্দেশনা দিব। এনে পৰিস্থিতিত, আজিৰ শুনানি অতি গুৰুত্বপূৰ্ণ।

উল্লেখযোগ্য যে, জ্ঞানবাপী জৰীপৰ প্ৰতিবেদন বিগত মাহৰ ১৯ মে'ত জিলা আদালতত দাখিল কৰা হৈছিল। জৰীপৰ সময়ত, হিন্দু পক্ষই মছজিদত এটা শিৱলিংগ পোৱা বুলি দাবী কৰিছিল, আনহাতে মুছলমান পক্ষই ইয়াক মিছা বুলি বৰ্ণনা কৰিছিল।

মুছলিম পক্ষই বিষয়টোক উপাসনা স্থান আইনৰ বিৰোধী বুলি অভিহিত কৰিছিল আৰু কৈছিল যে বিষয়টো শুনানিৰ যোগ্য নহয়।

এই ক্ষেত্ৰত আদালতত দুয়োপক্ষৰ যুক্তি ইতিমধ্যে সম্পূৰ্ণ হৈছে। হিন্দু পক্ষই দাবী কৰিছে যে মুছলমান পক্ষই বহুত পুৰণি নথি পত্ৰ উপস্থাপন কৰিছে যিবোৰ এই গোচৰটোৰ সৈতে সম্পৰ্কিত নহয়।

শেহতীয়া বাতৰি