দেশত কোভিদৰ সংহাৰী ৰূপে সকলোকে স্তম্ভিত কৰি ৰখাৰ সময়তে মধ্য প্ৰদেশৰ গোৱালিয়ৰত সংঘটিত হয় এক লাজলগা ঘটনা৷ কোভিড হাস্পতাললৈ ৰূপান্তৰিত এখন হোটেলত ভৰ্তি হোৱা কোৰোণা মহামাৰীৰ সৈতে যুঁজি থকা এগৰাকী মহিলাক ধৰ্ষণৰ অপচেষ্টা চলালে ৱাৰ্ড বয়ে৷
বিবেক লোধি নামৰ ৱাৰ্ড বয়টোৱে কোঠা লক কৰি চেকআপৰ নামত কোৰোণা পজিটিভ মহিলা এগৰাকীক ধৰ্ষণ কৰাৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে। ঘটনাটো শনিবাৰৰ নিশা প্ৰায় ১১.৩০ বজাৰ পৰা ১২.০০ বজাৰ ভিতৰত সংঘটিত হয়।
প্ৰাপ্ত তথ্য অনুসৰি মহিলাগৰাকীৰ অৱস্থাৰ অৱনতি হোৱাৰ পিছতে শনিবাৰে পুৱা তেওঁক অক্সিজেন প্ৰদান কৰা হৈছিল। ঘটনাটোৰ নিশাই ১১ বজাত ৱাৰ্ড বয় বিবেক লোধিয়ে মহিলাগৰাকীৰ কোঠাত উপস্থিত হৈ তেওঁক সুধিছিল কেনেকুৱা অনুভৱ কৰিছে, তেতিয়া মহিলাগৰাকীয়ে কৈছিল একো ভাল লগা নাই। ইয়াৰ পিছত ৱাৰ্ড বয় লোধিয়ে অসৎ অভিপ্ৰায়েৰে মহিলাগৰাকীৰ বুকুত হাত ৰখাৰ লগতে তেওঁৰ শৰীৰটো স্পৰ্শ কৰিছিল৷
প্ৰথম অৱস্থাত মহিলাগৰাকীয়ে ভাবিছিল যে হয়তো এয়া এক পৰীক্ষা, যি কোভিড ৰোগীসকলৰ ক্ষেত্ৰত কৰা হয়৷ কিন্তু যেতিয়া ৱাৰ্ড বয় লোধিয়ে বেলেগ ধৰণে আচৰণ কৰা আৰম্ভ কৰিছিল তেতিয়া মহিলাগৰাকীয়ে প্ৰশ্ন কৰাত অভিযুক্ত লোধি কোঠাৰ পৰা ওলাই গৈছিল।
এই ঘটনাৰ কিছু সময় পিছতে নিশা প্ৰায় ১২ বজাত অভিযুক্ত ৱাৰ্ড লোধি পুনৰ মহিলা ৰোগীগৰাকীৰ কোঠালৈ আহিছিল আৰু ভিতৰৰ পৰা লক লগাই দিছিল আৰু মহিলাগৰাকীক সুধিছিল এতিয়া কেনেকুৱা অনুভৱ কৰিছে। সেই সময়ত মহিলাগৰাকীয়ে ক'লে ঠিকেই আছো, কিন্তু আপুনি ইয়াৰ পৰা যাওক৷ এই কথা শুনিয়েই অভিযুক্ত লোধিয়ে মহিলাগৰাকীক বলপূৰ্বকভাৱে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰাত মহিলাগৰাকীয়ে চিঞৰ-বাখৰ লগায় আৰু অভিযুক্ত লোধি পলাই যায়।
এই সম্পৰ্কত গোৱালিয়ৰৰ এএছপি হিতিকা ভাচালে কয় যে ৱাৰ্ড বয় বিবেক লোধিয়ে নিশা পলমকৈ কোৰোণা সংক্ৰমিত মহিলা ৰোগীক নিৰ্যাতন আৰু ধৰ্ষণৰ চেষ্টা কৰিছিল। আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছে আৰু প্ৰাসংগিক ধাৰাৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি পৰৱৰ্তী তদন্ত কৰি থকা হৈছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 20, 2021, 14:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।