আকৌ আহিছে কোৰোণা! মহানগৰীৰ ডনব'স্ক বিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন ঘোষণা

News18 Assam | News18-Assam
Updated:February 21, 2021, 6:22 PM IST
আকৌ আহিছে কোৰোণা! মহানগৰীৰ ডনব'স্ক বিদ্যালয়ক কণ্টেইনমেণ্ট জ'ন ঘোষণা
আকৌ গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে কোৰোণাৰ সংক্ৰমণ।

আকৌ গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে কোৰোণাৰ সংক্ৰমণ।

  • Share this:
আকৌ গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে কোৰোণাৰ সংক্ৰমণ। মহানগৰীৰৰ পাণবজাৰস্থিত ডনব'স্ক বিদ্যালয়ৰ দুগৰাকী শিক্ষয়ত্ৰীৰ দেহত ধৰা পৰিছে কোৰোণাৰ অবস্থিতি। ইফালে কণ কণ শিক্ষাৰ্থীৰ প্ৰত্যক্ষ সংস্পৰ্শত থকা শিক্ষয়ত্ৰী দুগৰাকীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে এতিয়া স্বাভাৱিকতে শংকিত হৈ পৰিছেশিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীৰ অভিভাৱকসকল।

শেহতীয়াকৈ প্ৰতিদিনে বিদ্যালয়ত উপস্থিত থাকি শিক্ষয়ত্ৰী দুগৰাকীয়ে  শিক্ষাৰ্থীক পাঠদান আগবঢ়োৱা বুলি মন্তব্য অভিভাৱকৰ ৷  ইফালে শিক্ষয়ত্ৰীৰ পৰিয়ালৰ লোকৰ দেহতো পোৱা গৈছে কোৰোণাৰ সংক্ৰমণ।

অভিযোগ অনুসৰি,  কোভিড নীতি নিয়ম ভৰিৰে মোহাৰি শিক্ষানুষ্ঠানখনত শিক্ষক শিক্ষয়িত্ৰীয়ে মাস্ক পৰিধান নকৰে ৷ সেইদৰে বিদ্যালয়খনতো সামাজিত ব্যৱধান অবিহনে শিক্ষাব্যৱস্থা চলাই থকাৰ গুৰুতৰ অভিযোগ তুলিছে অভিভাৱক সকলৰ ৷
Published by: Himangshu Bhuyan
First published: February 21, 2021, 6:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি