উত্তৰ পূৱৰ দ্বিতীয় চাফ–চিকুণ চহৰ গুৱাহাটী, আটাইতকৈ লেতেৰা ডিব্ৰুগড়, শিলচৰ

স্বচ্ছ সৰ্বেক্ষণৰ ফলাফলত উত্তৰ পূৱৰ কেইবাখনো চহৰ।

News18-Assam
Updated:October 4, 2019, 1:09 PM IST
উত্তৰ পূৱৰ দ্বিতীয় চাফ–চিকুণ চহৰ গুৱাহাটী, আটাইতকৈ লেতেৰা ডিব্ৰুগড়, শিলচৰ
স্বচ্ছ সৰ্বেক্ষণৰ ফলাফলত উত্তৰ পূৱৰ কেইবাখনো চহৰ।
News18-Assam
Updated: October 4, 2019, 1:09 PM IST
স্বচ্ছ সৰ্বেক্ষণ ২০১৯ৰ ফলাফল অনুসৰি উত্তৰ পূৱৰ আটাইতকৈ চাফ–চিকুণ চহৰৰ সন্মান পাইছে গুৱাহাটীয়ে। দেশৰ ৪২৫খন চাফা চহৰৰ তালিকাত গুৱাহাটীৰ স্থান ৩০৩ আৰু এই তালিকাত উত্তৰ পূৱৰ শীৰ্ষত থকা চহৰখন হৈছে গেংটক। গেংটকে এই তালিকাত ২৭৫ সংখ্যক স্থান লাভ কৰিছে।

শিলচৰ আৰু ডিব্ৰুগড়ে উত্তৰ পূৱৰ আটাইতকৈ লেতেৰা চহৰৰ তালিকাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিছে। দেশৰ ৪২৫খন লেতেৰা চহৰৰ তালিকাত শিলচৰৰ স্থান ৪২৩ আৰু ডিব্ৰুগড়ৰ স্থান ৪১৫।

আটাইতকৈ পৰিষ্কাৰ চহৰৰ তালিকাত মধ্যপ্ৰদেশৰ ইন্দোৰৰ স্থান শীৰ্ষত আৰু ইন্দোৰৰ পিছতে কৰ্ণাটকৰ মহীশূৰ আৰু ছত্তিশগঢ়ৰ অম্বিকাপুৰৰ স্থান।

উল্লেখযোগ্য যে স্বচ্ছ সৰ্বেক্ষণ হৈছে পৰিষ্কাৰ–পৰিচ্ছন্নতা আৰু অনাময়ক লৈ দেশৰ বিভিন্ন ঠাই সামৰি চলোৱা এক বছৰেকীয়া জৰীপ। এই জৰীপত মহানগৰ, চহৰ, গ্ৰামাঞ্চল সকলো সামৰি লোৱা হয়।

শেহতীয়াকৈ মহাত্মা গান্ধীৰ ১৫০বছৰীয়া জন্মজয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক মুকলিত শৌচমুক্ত ঘোষণা কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি