গুৱাহাটী ৰেলৱে ষ্টেশ্যনত উদ্ধাৰ নতুন দিল্লীৰ পৰা চুৰি ১৩খন বুলেট, ৭০টাকৈ ম’বাইল ফোন

ৰেলৱে আৰক্ষীৰ বৃহৎ সফলতা।

News18-Assam
Updated:October 2, 2019, 4:45 PM IST
গুৱাহাটী ৰেলৱে ষ্টেশ্যনত উদ্ধাৰ নতুন দিল্লীৰ পৰা চুৰি ১৩খন বুলেট, ৭০টাকৈ ম’বাইল ফোন
ৰেলৱে আৰক্ষীৰ বৃহৎ সফলতা।
News18-Assam
Updated: October 2, 2019, 4:45 PM IST
ঋত্বিক কৌশিক: দুৰ্গোৎসৱৰ বতৰত যেন তৎপৰতা বাঢ়িছে অপৰাধীৰ! গুৱাহাটী ৰেল ষ্টেচনত বুধবাৰে দেখা গ’ল এখন, দুখন নহয় ১৩খনকৈ ৰয়েল এন্ডফ্লিড আৰু দমে দমে ম’বাইল ফোন ৷ দৰাচলতে নতুন দিল্লীৰ বিভিন্ন স্থানৰ পৰা চুৰি কৰি অসমৰ মাজেদি ম্যানমাৰলৈ নিবলৈ লওতেই চৰকাৰী ৰেল আৰক্ষীয়ে গুৱাহাটী ৰেল ষ্টেচনৰ পাৰ্চেল গুডামত জব্দ কৰে বুলেট কেইখন ৷ ইফালে ৰেল আৰক্ষীৰ আন এটা দলে নগাওঁৰ পৰা পশ্চিম বংগ অভিমুখে লৈ গৈ থকা ৭০ টা মোবাইল সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ 
আৰু চাওক পৰৱৰ্তী বাতৰি