• Home
  • »
  • News
  • »
  • nation
  • »
  • Bikaner Guwahati train accident Update: ৰে'ল দুৰ্ঘটনাত ৭গৰাকীৰ মৃত্যু নিশ্চিত, আহত কেইবাগৰাকী, হেল্পলাইন নম্বৰ মুকলি

Bikaner Guwahati train accident Update: ৰে'ল দুৰ্ঘটনাত ৭গৰাকীৰ মৃত্যু নিশ্চিত, আহত কেইবাগৰাকী, হেল্পলাইন নম্বৰ মুকলি

 ৰে'লৱে বোৰ্ডে দুৰ্ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

ৰে'লৱে বোৰ্ডে দুৰ্ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

ৰে'লৱে বোৰ্ডে দুৰ্ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

  • Share this:

পাটনাৰ পৰা গুৱাহাটীলৈ গৈ থকা বিকানেৰ এক্সপ্ৰেছৰ (Guwahati-Bikaner Express Train) ডবা লাইনচ্যুত হৈ ঘটা দুৰ্ঘটনাটোত ৭ জন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাটো মাইনাগুড়ি আৰু দোমোহনী ৰে'ল ষ্টেচনৰ মাজত হোৱা বুলি কোৱা হৈছে। ৰে'লৱে বোৰ্ডে দুৰ্ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। ইতিমধ্যে ৰে'লৱে ব'ৰ্ড আৰু সুৰক্ষা-ডিজিৰ অধ্যক্ষ ঘটনাস্থলীলৈ ৰাওনা হৈছে।


বাতৰি অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত ৰে'লখনৰ নম্বৰ 15633। বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছখন বুধবাৰে নিশা 01.45 বজাত বিকানেৰৰ পৰা ৰাওনা হৈছিল। আজি সন্ধিয়া পশ্চিম বংগৰ নিউ দোমোহনী-নিউ বেহাৰ শাখাৰ মাজত ৰে'লখনৰ কিছু ডবা লাইনচ্যুত হয়। যাত্ৰীসকলক সহায় কৰিবলৈ উত্তৰ পশ্চিম ৰে'লৱেৰ দ্বাৰা হেল্পলাইন নম্বৰ জাৰি কৰা হৈছে- বিকানেৰ 0151-2208222, জয়পুৰ 0141-2725942, 9001199959, গুৱাহাটী  03612731622, আৰু  03612731623।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি