পশ্চিমবংগত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। বহু যাত্ৰীৰ মৃত্যু হোৱাৰ সন্দেহ। লাইনচ্যুত হৈ যায় বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ। স্থানীয় লোকে জনোৱা মতে, বিয়লি হঠাৎ বিকট শব্দ শুনিবলৈ পাই তেওঁলোকে। আৰু তাৰ পিছতে ৰে'লখনৰ কেইবাটাও ডবা লাইনচ্যুত হোৱা দেখিবলৈ পায়।
জানিব পৰে মতে, বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছৰ ৬টাকৈ ডবা লাইনচ্যুত হৈছে। ইটো ডবাৰ ওপৰত উঠি গৈছে সিটো ডবা। বিয়লি প্ৰায় ৫ মান বজাত সংঘটিত হয় দুৰ্ঘটনাটো। ঘটনাত কিমানজনে মৃত্যুক সাৱটিছে, সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল। ৰে'ল লাইনত এতিয়াও পৰি আছে বহুলোক। প্ৰাথমিক তথ্য অনুসৰি, প্ৰযুক্তিগত কোনো ক্ৰুটিৰ ফলতে এই ঘটনা সংঘটিত হৈছে।