• Home
  • »
  • News
  • »
  • nation
  • »
  • জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ গুলীয়াগুলি, দুই সন্ত্ৰাসবাদী নিহত

জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ গুলীয়াগুলি, দুই সন্ত্ৰাসবাদী নিহত

অঞ্চলটোত এইপৰ্যন্ত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।

অঞ্চলটোত এইপৰ্যন্ত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।

অঞ্চলটোত এইপৰ্যন্ত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।

  • Share this:
    জম্মু–কাশ্মীৰৰ শ্ব’পিয়ান জিলাত সোমবাৰে নিশা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলিৰ ঘটনা সংঘটিত হৈছে। অৱনীৰা অঞ্চলত সংঘটিত এই সংঘৰ্ষত নিহত হৈছে দুই সন্ত্ৰাসবাদী। দুয়োটা সন্ত্ৰাসবাদী আই এছ জে কে সংগঠনৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। নিহত সন্ত্ৰাসবাদী দুটাক আদিল আৰু ছাকিৰ বুলি চিনাক্ত কৰা হৈছে। দুয়ো শ্ব’পিয়ানৰ বাসিন্দা আছিল। অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰি আৰক্ষী আৰু সেনাই চলাইছিল যৌথ অভিযান।

    অভিযানৰ সময়ত হঠাৎ নিৰাপত্তাৰক্ষীৰ দললৈ গুলীচালনা কৰে সন্ত্ৰাসবাদীৰ দলটোৱে। প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও সন্ত্ৰাসবাদীৰ দলটোলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে। ফলত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় দুই সন্ত্ৰাসবাদী। অঞ্চলটোত এইপৰ্যন্ত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।
    First published: