মানসিকভাৱে বিকাৰগ্ৰস্ত পিতৃয়ে চুৰিৰে ডিঙি ৰেপি হত্যা কৰিলে পুত্ৰক

Dulu Medhi | News18-Assam
Updated:June 1, 2019, 3:51 PM IST
মানসিকভাৱে বিকাৰগ্ৰস্ত পিতৃয়ে চুৰিৰে ডিঙি ৰেপি হত্যা কৰিলে পুত্ৰক
গুমলাৰ নিজ বাসগৃহতে ৫ বছৰীয়া সন্তানক নৃশংসভাৱে ডিঙি ৰেপি হত্যা কৰিলে পিতৃয়ে।

গুমলাৰ নিজ বাসগৃহতে ৫ বছৰীয়া সন্তানক নৃশংসভাৱে ডিঙি ৰেপি হত্যা কৰিলে পিতৃয়ে।

  • Share this:
ঝাৰখণ্ডৰ গুমলাৰ বছিয়া থানাৰ সমীপত পোটকা গাঁৱত হৃদয়বিহীন পিতৃয়ে নিজৰ ৫ বছৰীয়া কণমানি সন্তানক ডিঙি ৰেপি কৰিলে হত্যা। ঘটনাৰ খবৰ পোৱা মাত্ৰকেই স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক। সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত কিছুদিন ধৰি মানসিক ৰোগত ভুগি আছিল হত্যাকাৰী লোকজন।

পিতৃয়ে পুত্ৰৰ ৰেপিলে ডিঙি

গুমলাৰ বছিয়া থানাৰ সমীপত পোটকা গাঁৱত আজি পুৱা সংঘটিত হোৱা এক ঘটনাই জোঁকাৰি গ’ল সমগ্ৰ অঞ্চল। পোটকা গাঁৱৰ তৰসীয়ুছ কুজুৰ নামৰ লোকজনে চোকা অস্ত্ৰৰে নিজ সন্তানক ডিঙি ৰেপি হত্যা কৰে।

বিগত কিছু দিন ধৰি অসাধাৰণ ব্যৱহাৰ কৰি আছিল হত্যাকাৰী পিতৃয়ে

স্থানীয় লোকসকলৰ অনুসৰি ঘৰৰ দুৱাৰ বহু পলমকৈও নুখুলাত স্থানীয় লোকসকলে ঘৰৰ ভিতৰলৈ কোনোমতে চাবলৈ সক্ষম হোৱাত কণমানিটিৰ মৃতদেহ মজিয়াত পৰি আছিল আৰু পিতৃৰ হাতত আছিল চোকা অস্ত্ৰ আৰু তেজেৰে লুটুৰি পুতুৰি হৈ আছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি