ম’ৰবি ওলমা দলঙৰ পাঁচটা ভুল, যাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিলে জোৰদাৰ তদন্তৰ নিৰ্দেশ। কি এই পাঁচটা ভুল, যাৰ বাবে সংঘটিত হ’ল মৰবি ট্ৰেজেডী। যাৰ বাবে অকালতে প্ৰাণ হেৰুৱালে ৫৮টি কণমানি শিশু আৰু ৭৭ গৰাকী প্ৰাপ্তবয়স্ক লোকে। চাও আহক কি আছিল এই পাঁচটা মাৰাত্মক ভুল।
প্ৰথম ভুল : গুজৰাটী নৱবৰ্ষ আৰু উৎসৱমুখৰ পৰিৱেশৰ বাবে নিৰ্দিষ্ট সময়ৰ পূৰ্বেই মুকলি কৰা হৈছিল দলংখন। ডিচেম্বৰ মাহত মুকলিৰ পৰিকল্পনা থকা দলংখন ২৬ অক্টোবৰত গুজৰাটী নৱবৰ্ষৰ লগত সংগতি ৰাখি মুকলি কৰা হৈছিল। মুকলিৰ পূৰ্বে পুংখানুপুংখভাৱে পৰীক্ষা–নিৰীক্ষা কৰা হোৱা নাছিল। মুকলিৰ পূৰ্বে ষ্ট্ৰাকচাৰেল অডিট কৰা হোৱা নাছিল। জৰুৰীকালীন প্ৰস্থান আৰু উদ্ধাৰৰ কোনো আঁচনি নাছিল। ওলমা দলঙখনৰ পুৰণি কেবল সলনি কৰা নাছিল। মেৰামতিৰ কাম বিশেষজ্ঞ লোকৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হোৱা নাছিল।
দ্বিতীয় ভুল : পুনঃনিৰ্মাণৰ সময়ত দলঙৰ মজিয়া চাৰিটা এলুমিনিয়ামৰ স্তৰেৰে পুনৰ নিৰ্মাণ কৰা হৈছিল যিয়ে দলংখনৰ ওজন বৃদ্ধি কৰিছিল। কিন্তু দলঙৰ কেবলবোৰ শক্তিশালী বা সলনি কৰা হোৱা নাছিল বৰঞ্চ কেৱল নতুন ৰূপ দিবলৈ ৰং কৰা হৈছিল। ইয়াৰ অৰ্থ আছিল যে দলংখন আগৰ তুলনাত গধুৰ হৈ পৰিল আৰু কেবলবোৰে ইয়াৰ ভাৰসাম্য ৰক্ষাৰ বাবে অসমৰ্থ হৈছিল।
তৃতীয় ভুল : অৰেভা গ্ৰুপে দীৰ্ঘদিন ধৰি দলংখন চোৱা–চিতা কৰিছিল। পিছে পুনঃনিৰ্মাণৰ কামটো দুটা উপ–ঠিকাদাৰী সংস্থাক অৰ্পণ কৰিলে অৰেভা গ্ৰুপে। দুই উপ–ঠিকাদাৰী প্ৰতিষ্ঠানৰ যোগ্যতাৰ ওপৰতো উঠিছে প্ৰশ্ন। অৰেভা গ্ৰুপক কেনেকৈ কামটো উপ-ঠিকাদাৰী কৰিবলৈ দিয়া হ’ল আৰু পুনঃনিৰ্মাণ কামৰ তত্বাৱধানৰ অভাৱ সন্দৰ্ভতো চলিছে তদন্ত।
চতুৰ্থ ভুল : দলংখন নতুন মজিয়াৰ বাবে গধুৰ হৈ পৰিছিল যদিও ইয়াত জনসাধাৰণৰ প্ৰৱেশ নিয়ন্ত্ৰণহীন আছিল, তাত নিয়োগ কৰা নিৰাপত্তাৰক্ষীয়ে অত্যধিক লোকক প্ৰৱেশত বাধা নিদিয়াৰ বাবেই সংঘটিত হ’ল অনাকাংক্ষিত ঘটনা। ইতিমধ্যে দলঙত নিয়োজিত নিৰাপত্তাৰক্ষীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
পঞ্চম ভুল : অৰেভা গ্ৰুপৰ দুৰ্ঘটনাৰ ক্ষেত্ৰত কোনো উদ্ধাৰ বা জৰুৰীকালীন পৰিকল্পনা নাছিল। উদাহৰণস্বৰূপে, দলংখনত লাইফ জেকেট বা ডাইভিং ষ্টাফ থকা নাৱৰ ব্যৱস্থা নাছিল। কোনো লোক দলঙখনৰ পৰা বাগৰি পৰিলেও উদ্ধাৰ কৰিবলগীয়া সামান্য প্ৰয়োজনীয়তাখিনিও নাছিল দলংখনত। ইয়াৰ বাবেই দলংখনৰ কেবল ছিঙি পৰাৰ ফলত মৃত্যু হ’ল ১৩৫ জনৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|