এইবাৰ ফলৰ নাম সলনি কৰিলে বিজেপি চৰকাৰে, 'ড্ৰেগন ফ্ৰুট'ৰ নাম সলনি কৰি দিলে এইটো নাম

মঙলবাৰে মুখ্যমন্ত্ৰীয়ে কয়, ৰাজ্য চৰকাৰে ড্ৰেগন ফ্ৰুটৰ নাম সলনি কৰাৰ সিদ্ধান্ত কৰিছে।
মঙলবাৰে মুখ্যমন্ত্ৰীয়ে কয়, ৰাজ্য চৰকাৰে ড্ৰেগন ফ্ৰুটৰ নাম সলনি কৰাৰ সিদ্ধান্ত কৰিছে।
- News18 Assam
- Last Updated: January 20, 2021, 12:48 PM IST
মঙলবাৰে মুখ্যমন্ত্ৰীয়ে কয়, ৰাজ্য চৰকাৰে ড্ৰেগন ফ্ৰুটৰ নাম সলনি কৰাৰ সিদ্ধান্ত কৰিছে। কিয়নো এই ফলৰ বাহিৰৰ আকৃতি পদুমৰ দৰে, সেই ড্ৰেগন ফ্ৰুটৰ নাম এতিয়া কমলম ৰখা হৈছে। তেওঁ আৰু কয়, ‘আমি চীনৰ সৈতে সম্পৰ্ক থকা ড্ৰেগন ফ্ৰুটৰ নাম সলনি কৰিছো। কমলম এক সাংস্কৃতিক শব্দ আৰু ফলবিধৰ আকাৰ পদুমৰ হোৱা বাবে ইয়াৰ নাম কমলম ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াত কোনো ৰাজনীতি নাই।’

ফলবিধক কমলম হিচাপে নামকৰণ কৰাত কংগ্ৰেছৰ মুখপাত্ৰ মনীষ দোশীয়ে কয় যে গুজৰাট চৰকাৰে নামকৰণত ব্যস্ত আছে। এই চৰকাৰে মানুহক হাৰাশাস্তি কৰিছে। এতিয়া গুজৰাট চৰকাৰৰ কোনো বিষয় নাই, সেই বাবে ফলৰ নামকৰণ কৰি আছে।