সন্তান লাভৰ সুখ! দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল। ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই লাভ কৰিলে মাতৃত্ব লাভৰ গৌৰৱ। এই আশ্বৰ্যকৰ ঘটনাটো ঘটিছে গুজৰাটত। ৭০ বছৰ বয়সত এটি সুস্থ সন্মান জন্ম দিলে জিভুবেন ৰাবাৰি নামৰ মহিলাগৰাকীয়ে।
এমাহ পূৰ্বে জন্ম লাভ কৰা শিশুটিৰ নাম ৰখা হৈছে লালু। গুজৰাটৰ ৰাপাৰ তালুকা এলেকাৰ বাসিন্দা জিভুবেন ৰাবাৰী আৰু ভালজিৰাই ৰাবাৰিৰ ৪৫ বছৰীয়া সংসাৰ। কিন্তু দীৰ্ঘ দাম্পত্য জীৱনত তেওঁলোকৰ নাছিল কোনো সন্তান। আৰু অৱশেষত জিভুবেন ৰাবাৰীয়ে ৭০ বছৰ বয়সত জন্ম দিয়ে সন্তান।
প্ৰথম অৱস্থাত চিকিৎসকৰ বাবে এই কেচটো অত্যন্ত চেলেঞ্জিং আছিল। কিন্তু জিভুবেনৰ দৃঢ় মনোভাৱৰ বাবেই চিকিৎসকসকলক উদ্বুদ্ধ হয়। এখন সৰ্বভাৰতীয় বাতৰি কাকতত বাতৰিতো প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ দেশতে বিয়পি পৰিছে খবৰটো।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|