মুখ্যপৃষ্ঠা »খবৰ »দেশ »পুত্ৰৰ বিয়াৰ বাবে ব্যৱসায়ীয়ে ছপালে ৪ কেজি ওজনৰ কাৰ্ড, এখনৰ দাম ৭ হাজাৰ টকা

পুত্ৰৰ বিয়াৰ বাবে ব্যৱসায়ীয়ে ছপালে ৪ কেজি ওজনৰ কাৰ্ড, এখনৰ দাম ৭ হাজাৰ টকা

পাতল গুলপীয়া ৰঙৰ এই কাৰ্ডখন দেখাত খুব সুন্দৰ। দেখাত এটা বাকচৰ দৰে। ইয়াৰ খোলাৰ লগে লগে মখমলৰ কাপোৰত চাৰিটা সৰু বাকচ দেখা যাব।

পাতল গুলপীয়া ৰঙৰ এই কাৰ্ডখন দেখাত খুব সুন্দৰ। দেখাত এটা বাকচৰ দৰে। ইয়াৰ খোলাৰ লগে লগে মখমলৰ কাপোৰত চাৰিটা সৰু বাকচ দেখা যাব।

  • Share this:
ভাৰতত বিয়া বুলিলে খৰচৰ হিচাপ নাই। যিমান সামৰ্থ্য থাকে তাতকৈও অধিক খৰচ হয় বিয়াত। গৰীৱ পৰিয়াল হ’লেও ঘৰৰ বিয়াত ধুমধামেৰে খৰচ কৰে। আনহাতে, এচাম ধনী লোকে নিজৰ ঘৰৰ বিয়া বুলিলে বছৰটোলৈ খৰচ কৰি থাকে। বৰ্তমান ছচিয়েল মিডিয়াত চৰ্চা চলিছে গুজৰাটৰ এখন বিয়াক লৈ। গুজৰাটী ব্যৱসায়ী মুলেশভাই উকনীয়ে নিজৰ পুত্ৰৰ বিয়াত ৪ কিলোগ্ৰাম ওজনৰ (4KG Wedding Card) কাৰ্ড ছপাইছে। এই কাৰ্ডখনত খৰচো হৈছে বহুত।

পাতল গুলপীয়া ৰঙৰ এই কাৰ্ডখন দেখাত খুব সুন্দৰ। দেখাত এটা বাকচৰ দৰে। ইয়াৰ খোলাৰ লগে লগে মখমলৰ কাপোৰত চাৰিটা সৰু বাকচ দেখা যাব। এই বাকচকেইটাত ড্ৰাই ফ্ৰুটছ দিয়া হৈছে। এই কাৰ্যৰ মুঠ ওজন চাৰি কিলোগ্ৰাম দুশ আশী গ্ৰাম। এখন কাৰ্ডৰ দাম ৭ হাজাৰ টকা বুলি কোৱা হৈছে। কাৰ্ডৰ বাকচত কাজু, কিচমিচ, বাদাম আৰু চকলেট দিয়া হৈছে। বিয়া ৰাজস্থানৰ যোধপুৰত ১৪ নৱেম্বৰত আৰম্ভ হ’ব।



কাৰ্ডৰ বাকচত প্ৰথমে ভগৱান শ্ৰীকৃষ্ণৰ ফটো দেখা গৈছে। মুলেশভাই উকনী আৰু তেওঁৰ পৰিয়ালে ভগৱান শ্ৰীকৃষ্ণক খুব বিশ্বাস কৰে। সেইবাবে কাৰ্ডত শ্ৰীকৃষ্ণৰ ফটো ৰাখিছে।



এই কাৰ্ডখন এতিয়া ছচিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চিত হৈছে। মানুহৰ মাজত উৎসুকতা বাঢ়িছে যে যদি কাৰ্ডেই এনেকুৱা হয় বিয়াখন কেনেকুৱা হ’ব! মানুহে কৈছে এই বিয়াখন আম্বানী পৰিয়ালৰ বিয়াৰ দৰে হ’ব!

শেহতীয়া বাতৰি