থানাৰ ভিতৰত TikTok ভিডিঅ’ বনাই চাকৰিৰ পৰা নিলম্বিত মহিলা আৰক্ষী

আৰক্ষীৰ উচ্চপদস্থ বিষয়াই কয় যে অৰ্পিতা চৌধুৰীয়ে নিয়ম ভংগ কৰিছে।

News18-Assam
Updated:July 25, 2019, 4:16 PM IST
থানাৰ ভিতৰত TikTok ভিডিঅ’ বনাই চাকৰিৰ পৰা নিলম্বিত মহিলা আৰক্ষী
আৰক্ষীৰ উচ্চপদস্থ বিষয়াই কয় যে অৰ্পিতা চৌধুৰীয়ে নিয়ম ভংগ কৰিছে।
News18-Assam
Updated: July 25, 2019, 4:16 PM IST
মেজত জাপ জাপ ফাইল। কিন্তু কাণসাৰ নাই আৰক্ষীৰ। থানাৰ কাম এৰি আন কামত মচগুল আৰক্ষী। থানাৰ ভিতৰতে টিকটকৰ ভিডিঅ’ বনোৱাত ব্যস্ত এগৰাকী মহিলা আৰক্ষী। এই ঘটনা গুজৰাটৰ মাহেছানা জিলাৰ লাংনাজ থানাৰ। এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে বিপদত পৰিল মহিলা আৰক্ষীগৰাকী।

টিকটকত ভিডিঅ’ বনোৱা মহিলা আৰক্ষী কনিষ্টবলগৰাকীৰ নাম অৰ্পিতা চৌধুৰী। ভিডিঅ’টোত থানাৰ ভিতৰত লকআপৰ সন্মুখতে বিভিন্ন অংগী–ভংগীৰে নাচি থকা দেখা গৈছে অৰ্পিতাক। আৰক্ষীৰ পোছাক এৰি অৰ্পিতাই পিন্ধিছে গোলাপী ৰঙৰ ছাৰ্ট। নিজৰ টেবুলৰ কাষতে কেমেৰালৈ চাই জনপ্ৰিয় হিন্দী গীতত নাচিছে অৰ্পিতাই। ১৫ ছেকেণ্ডৰ এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে বিপদত পৰিল আৰক্ষী কনিষ্টবলগৰাকী। সমগ্ৰ ঘটনাটো ঊৰ্ধ্বতন কত্ৰৃপক্ষৰ চকুত পৰাত চাকৰিৰ পৰা নিলম্বিত কৰা হয় অৰ্পিতাক।


২০ জুলাইত এই ভিডিঅ’টো প্ৰস্তুত কৰিছিল অৰ্পিতাই। আৰক্ষীৰ উচ্চপদস্থ বিষয়াই কয় যে অৰ্পিতা চৌধুৰীয়ে নিয়ম ভংগ কৰিছে। কৰ্তব্যত থকা সত্ত্বেও ইউনিফৰ্ম পিন্ধা নাছিল অৰ্পিতাই। থানাৰ ভিতৰতে ৰেকৰ্ড কৰিছে ভিডিঅ’।
আৰু চাওক পৰৱৰ্তী বাতৰি