• Home
  • »
  • News
  • »
  • nation
  • »
  • গুজৰাটত বিষাক্ত সুৰা পান কৰি ১০জন লোকৰ মৃত্যু, ২০জন চিকিৎসাধীন

গুজৰাটত বিষাক্ত সুৰা পান কৰি ১০জন লোকৰ মৃত্যু, ২০জন চিকিৎসাধীন

গুজৰাটৰ আৰক্ষী সঞ্চালকপ্ৰধান আশিস ভাটিয়াই কয় যে পুৱা দুজন লোকৰ মৃত্যু হৈছিল, আন পাঁচজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

  • Share this:

গুজৰাটত বোটাড জিলাৰ ৰোজিদ গাঁৱত বিষাক্ত সুৰা পান কৰি ১০জন লোকৰ মৃত্যু হয়। অসুস্থ আন ২০জন লোকক বিভিন্ন হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কোৱা অনুসৰি, অসুস্থ একাংশৰ অৱস্থা সংকটজনক।

গুজৰাটৰ আৰক্ষী সঞ্চালকপ্ৰধান আশিস ভাটিয়াই কয় যে পুৱা দুজন লোকৰ মৃত্যু হৈছিল, আন পাঁচজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। সোমবাৰে নিশা আন তিনিজন লোকৰ হাস্পতালত মৃত্যু ঘটে।

বোটাডৰ আৰক্ষী অধীক্ষক কৰনৰাজ ৱাঘেলাই সোমবাৰে নিশা সাংবাদিকৰ আগত কয়, ‘আমাৰ তথ্য অনুসৰি, বোটাড জিলাৰ পাঁচজন লোক আৰু আহমেদাবাদ জিলাৰ দুখন গাঁৱৰ পাঁচজন লোকৰ এতিয়ালৈ মৃত্যু হৈছে। কমেও ২০জন লোকৰ বিভিন্ন হাস্পতালত চিকিৎসা চলি আছে। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক।’ তেওঁ কয় যে এই সন্দৰ্ভত দুৰ্ঘটনাবশতঃ মৃত্যুৰ এটা গোচৰ ৰুজু কৰা হৈছে আৰু কেইজনমান লোকক সোধা–পোছাৰ বাবে আটক কৰা হৈছে।

ৱাঘেলাই কয়, ‘প্ৰয়োজনত আৰক্ষীয়ে হত্যাৰ অভিযোগ আৰোপ কৰিব। গুজৰাট এটিএছৰ লগতে আহমেদাবাদ অপৰাধ শাখাও দোষীক কৰায়ত্ত কৰাৰ বাবে তদন্তত অন্তৰ্ভুক্ত হৈছে।’

Published by:Sanjay Kumar Das
First published: