দেশজুৰি CAA বিৰোধী প্ৰতিবাদৰ মাজতে পাকিস্তানী হিন্দুক নাগৰিকত্ব প্ৰদান

News18 Assam | News18-Assam
Updated:December 22, 2019, 9:59 AM IST
দেশজুৰি CAA বিৰোধী প্ৰতিবাদৰ মাজতে পাকিস্তানী হিন্দুক নাগৰিকত্ব প্ৰদান
যোৱা ১৮ ডিচেম্বৰত ভাৰতৰ নাগৰিকত্ব লাভ কৰিলে পাকিস্তানৰ এগৰাকী হিন্দু মহিলাই

যোৱা ১৮ ডিচেম্বৰত ভাৰতৰ নাগৰিকত্ব লাভ কৰিলে পাকিস্তানৰ এগৰাকী হিন্দু মহিলাই

  • Share this:
সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অব্যাহত অছে। বিতৰ্কিত আইন খন বাতিল কৰিবলৈ ইতিমধ্যে বহু দল সংগঠন উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছে। কিন্তু তাৰ মাজতে চৰ্চালৈ আহিছে এক বিশেষ খবৰ। এগৰাকী পাকিস্তানী হিন্দুক দিয়া হৈছে ভাৰতবৰ্ষৰ নাগৰিকত্ব।

যোৱা ১৮ ডিচেম্বৰত ভাৰতৰ নাগৰিকত্ব লাভ কৰিলে পাকিস্তানৰ এগৰাকী হিন্দু মহিলাই। হাছিনা বেন নামৰ এগৰাকী মহিলাৰ জন্ম হৈছিল ভাৰতত। কিন্তু এগৰাকী পাকিস্তানী নাগৰিকলৈ বিয়া হোৱাৰ পিছত হাছিনা বেনৰ ভাৰতৰ নাগৰিকত্ব বিলুপ্ত হৈছিল।

পিছত স্বামীৰ মৃত্যু পিছত মহিলাগৰাকীয়ে ভাৰতবৰ্ষত নাগৰিকত্ব লাভৰ বাবে আবেদন জনায়। আৰু ১৮ ডিচেম্বৰত  ভাৰতৰ নাগৰিকত্ব লাভ কৰে।
Published by: Himangshu Bhuyan
First published: December 22, 2019, 9:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading