মুখ্যপৃষ্ঠা »খবৰ »দেশ »হেলমেট নাথাকিলে, বাইকত তিনিজন উঠিলে ভৰিব নালাগে জৰিমনা!

হেলমেট নাথাকিলে, বাইকত তিনিজন উঠিলে ভৰিব নালাগে জৰিমনা!

ৰাজ্য চৰকাৰে কেন্দ্ৰৰ যান–বাহন আইনৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এই পদক্ষেপ।

ৰাজ্য চৰকাৰে কেন্দ্ৰৰ যান–বাহন আইনৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এই পদক্ষেপ।

ৰাজ্য চৰকাৰে কেন্দ্ৰৰ যান–বাহন আইনৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এই পদক্ষেপ।

  • Share this:
    গুজৰাটৰ কেইবাখনো চহৰত এতিয়া হেলমেট পৰিধান নকৰিলে ভৰিব নালাগে জৰিমনা। ইমানেই নহয়, গুজৰাট চৰকাৰে বাইক বা স্কুটাৰত তিনিজন বহিলেও জৰিমনাৰ পৰা ৰেহাই দিছে। ৰাজ্য চৰকাৰে কেন্দ্ৰৰ যান–বাহন আইনৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এই পদক্ষেপ।

    ইয়াৰ পূৰ্বেও গুজৰাট চৰকাৰে নতুন যান–বাহন আইন অনুসৰি নিৰ্ধাৰণ কৰা জৰিমনা হ্ৰাস কৰিছিল। বিশেষকৈ দুচকীয়া আৰু কৃষিকাৰ্যৰ কামত ব্যৱহৃত বাহনক এই জৰিমনাৰ পৰা ৰেহাই দিছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীয়ে কৈছিল – ‘আমি এই নতুন নিয়মৰ ধাৰা ৫০ত সালসলনি কৰিছো। ইয়াত জৰিমনাৰ পৰিমাণ কম কৰা হৈছে।’ নতুন নিয়ম ১৬ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছিল।

    উল্লেখযোগ্য যে নতুন আইনমতে হেলমেট পৰিধান নকৰিলে ১০০০ টকা জৰিমনা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু গুজৰাটত ইয়াক সালসলনি কৰি ৫০০ টকা কৰা হৈছে। আনহাতে, ছিট বেল্ট নলগালে নতুন নিয়ম অনুসৰি নিৰ্ধাৰণ কৰা ১০০০ টকাৰ সলনি গুজৰাট চৰকাৰে এই জৰিমনা ৫০০ টকালৈ হ্ৰাস কৰিছে।

    ড্ৰাইভিং লাইচেঞ্চ নাথাকিলে নতুন আইন অনুসৰি ৫০০০ টকা জৰিমনা, কিন্তু গুজৰাটত দুচকীয়া বাহনৰ চালকে ২০০০ আৰু বাকী বাহনৰ চালকে ৩০০০ জৰিমনা দিব লাগে। বাইকত তিনিজন উঠিলে নতুন আইন অনুসৰি ১০০০ টকাৰ জৰিমনাৰ বিপৰীতে গুজৰাটত দিব লাগে ১০০ টকা জৰিমনা।

    আনহাতে, বিপজ্জনকভাৱে গাড়ী চলালে নতুন আইন অনুসৰি জৰিমনা ৫০০০ টকা, কিন্তু গুজৰাটত এই জৰিমনাৰ পৰিমাণ তিনিচকীয়াত ১৫০০ টকা, এল এম ভিত ৩০০০ টকা আৰু বাকীবোৰৰ বাবে ৫০০০ টকা। অভাৰলোডিং বাহনত ২০০০ টকাৰ পৰিৱৰ্তে গুজৰাটত লোৱা হয় ১৫০০ টকা।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি