গুজৰাটৰ মৰবি জিলাত মচ্ছু মদীৰ ওপৰত থকা ১৪০ বছৰীয়া পুৰণি এখন ওলমা দলং ভাঙি পৰাৰ ফলত এতিয়ালৈ ১৩২জন লোকৰ মৃত্যু ঘটিছে। নিহতসকলৰ ভিতৰত মহিলা, শিশু আৰু বয়োজ্যেষ্ঠ লোকো আছে। এই শোকাৱহ দুৰ্ঘটনাত ১৭৭ লোকক উদ্ধাৰ কৰা হৈছে আৰু ১৯জন মৰবি চিভিল হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু গৃহ মন্ত্ৰী হৰ্ষ সাংভীয়ে মৰবি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। এই দুখজনক ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদত নিজৰ ৰোড শ্ব’ বাতিল কৰিছে।
এনডিআৰএফ, এছডিআৰএফ, সেনা, বায়ুসেনা আৰু নৌসেনাৰ উপৰি স্থানীয় প্ৰশাসন উদ্ধাৰ অভিযানত ব্যস্ত আছে। উল্লেখযোগ্য যে এই দলংখন মেৰামতি আৰু নৱীকৰণৰ ৪ দিন পিছতে জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|