মুখ্যপৃষ্ঠা »খবৰ »দেশ »Jignesh Mevani Re-Arrested: এটা গোচৰত গ্ৰেপ্তাৰৰ পিছত পালে জামিন, কিন্তু পুনৰ গ্ৰেপ্তাৰ বিধায়ক জিগনেশ মেৱানীক

Jignesh Mevani Re-Arrested: এটা গোচৰত গ্ৰেপ্তাৰৰ পিছত পালে জামিন, কিন্তু পুনৰ গ্ৰেপ্তাৰ বিধায়ক জিগনেশ মেৱানীক

জানিব পৰা মতে, গোৱালপাৰাতো মেৱানীৰ বিৰুদ্ধে আন এটা গোচৰ দিয়া হৈছে।

জানিব পৰা মতে, গোৱালপাৰাতো মেৱানীৰ বিৰুদ্ধে আন এটা গোচৰ দিয়া হৈছে।

জানিব পৰা মতে, গোৱালপাৰাতো মেৱানীৰ বিৰুদ্ধে আন এটা গোচৰ দিয়া হৈছে।

  • Share this:
কোকৰাঝাৰ সদৰ থানাত ৰজু হোৱা এটা গোচৰৰ পিছতে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ হৈছিল। কিন্তু মুকলিৰ পথ প্ৰশস্ত হোৱাৰ পিছতে আন এটা গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হয় বিধায়কগৰাকীক (Gujarat MLA Jignesh Mevani was re-arrested)।

বৰপেটাৰোড আৰক্ষী থানাত গোচৰ নং-81/2022ত ৰুজু হোৱা আন এটা গোচৰত মেৱানীক গ্ৰেপ্তাৰ কৰি বৰপেটা আৰক্ষীয়ে কোকৰাঝাৰৰ পৰা লৈ যায় বৰপেটালৈ। ভাৰতীয় দণ্ডবিধিৰ 294/323/353/354ৰ অধীনত ৰজু কৰা হৈছিল গোচৰ। জানিব পৰা মতে, গোৱালপাৰাতো মেৱানীৰ বিৰুদ্ধে আন এটা গোচৰ দিয়া হৈছে।

গতিকে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী কেতিয়া অসম এৰিব পাৰিব তাক লৈ সন্দেহ প্ৰকট হৈছে। উল্লেখ্য, গুজৰাটৰ দলিত নেতা জিগনেছ মেৱানীৰ গ্ৰেপ্তাৰক লৈ বিৰোধী ৰাজনৈতিক দলসমূহে তীব্ৰ প্ৰতিবাদ-প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে যদিও অসম আৰক্ষীয়ে এটাৰ পিছত আনটো গোচৰত মেৱানীক গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছে।

শেহতীয়া বাতৰি