প্ৰাক্তন প্ৰেমিকা আৰু তেওঁৰ এগৰাকী বান্ধৱীৰ সৈতে হোটেলৰ ৰুমত সোমাইছিল ২২ বছৰীয়া এজন যুৱক। তিনিও মিলি হোটেলৰ ৰুমত সেৱন কৰে মাদক দ্ৰৱ্য। তাৰ পিছত হোটেলৰ পৰা স্কুটী লৈ ওলাই যায় প্ৰেমিকাৰ বান্ধৱী। প্ৰেমিকাৰ সৈতে যৌন সংগমত লিপ্ত হয় যুৱকজন। ইমানলৈ ঠিকেই আছিল। কিন্তু ইয়াৰ পিছত যি ঘটিল সেয়া অতি মৰ্মান্তিক। মৃত্যু হয় আহমেদাবাদৰ ফতেহৱাডীৰ বাসিন্দা ছলমান মিৰ্জা! ঘটনা সংঘটিত হয় ২২ জুনত।
যিগৰাকী যুৱতীৰ সৈতে মৃত্যুৰ দিনা নিশা ছলমান মিৰ্জাই হোটেললৈ গৈছিল, তেওঁৰ সৈতে বিয়াৰ কথা আছিল। কিন্তু এনে কি ঘটনা ঘটিছিল সেইদিনা? তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে ছলমান মিৰ্জাই দুই মহিলাক লৈ সেইদিনা হোটেলৰ ৰুমত সোমাইছিল। তাত তিনিও মিলি মাদক দ্ৰৱ্য সেৱন কৰে। তাৰ পিছত তৃতীয় মহিলাগৰাকীয়ে হোটেলৰ পৰা গুচি যায়। নিশা হোটেলৰ ৰুমত আছিল ছলমান আৰু প্ৰেমিকা। মাদক দ্ৰৱ্য সেৱন কৰাৰ পিছত দুয়ো যৌন সংগমত লিপ্ত হয়।
আৰক্ষীক ছলমানৰ প্ৰেমিকাই জনাইছে, নিশা যেতিয়া দুয়ো ঘনিষ্ঠ হ’ব বিচাৰিছিল, তেতিয়া তেওঁলোকৰ হাতত নাছিল কোনো নিৰোধক। ফলত গৰ্ভধাৰণৰ সম্ভাৱনা আছিল। এনে অৱস্থাত কাষতে পোৱা আঠাজাতীয় পদাৰ্থৰে ছলমানে নিজৰ পুৰুষাংগ ছীল কৰি দিয়ে। কিন্তু তাৰ পিছতে লাহে লাহে অসুস্থ হ’বলৈ ধৰে ছলমান।
আৰক্ষীয়ে জনাইছে, পিছৰ দিনা পুৱা ছলমানক অচেতন অৱস্থাত উদ্ধাৰ কৰে এজন লোকে। তাৰ পিছত লৈ অহা হয় ঘৰলৈ। কিন্তু অৱস্থাৰ অৱনতি ঘটাত নিকটৱৰ্তী হাস্পতাললৈ নিয়া হয় যুৱকজনক। কিন্তু ছলমানৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি হয়। এটা এটাকৈ শৰীৰৰ অংগ বিকল হৈ মৃত্যু হয় ছলমানৰ। ঘটনাৰ পিছতে ছলমানৰ আত্মীয়ই থানাত এক অভিযোগ দাখিল কৰে।
আৰক্ষীয়ে জনোৱা মতে, আঠাজাতীয় পদাৰ্থ ছলমানে নিৰোধ হিচাপে ব্যৱহাৰ কৰিছিল, তাৰ ফলতে লাহে লাহে তেওঁৰ অংগ বিকল কৰি পেলাইছিল, তাৰ ফলত মৃত্যু হয় ছলমানৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|