• Home
  • »
  • News
  • »
  • nation
  • »
  • নিজৰ সৈতেই বিবাহপাশত আবদ্ধ হ’ব এগৰাকী যুৱতী, আচৰিত যেন লাগিলেও এয়াই সঁচা! কিন্তু কিয়?

নিজৰ সৈতেই বিবাহপাশত আবদ্ধ হ’ব এগৰাকী যুৱতী, আচৰিত যেন লাগিলেও এয়াই সঁচা! কিন্তু কিয়?

গুৰুত্বপূৰ্ণ কথাটো হ’ল ক্ষমাই সকলো নীতি–নিয়ম মানি আবদ্ধ হ’ব বিবাহপাশত। নিজেই নিজৰ শিৰত পিন্ধিব সেন্দুৰ। বিয়াত নাথাকিব দৰা, নাথাকে কোনো দৰাপক্ষ।

গুৰুত্বপূৰ্ণ কথাটো হ’ল ক্ষমাই সকলো নীতি–নিয়ম মানি আবদ্ধ হ’ব বিবাহপাশত। নিজেই নিজৰ শিৰত পিন্ধিব সেন্দুৰ। বিয়াত নাথাকিব দৰা, নাথাকে কোনো দৰাপক্ষ।

গুৰুত্বপূৰ্ণ কথাটো হ’ল ক্ষমাই সকলো নীতি–নিয়ম মানি আবদ্ধ হ’ব বিবাহপাশত। নিজেই নিজৰ শিৰত পিন্ধিব সেন্দুৰ। বিয়াত নাথাকিব দৰা, নাথাকে কোনো দৰাপক্ষ।

  • Share this:
আন ভাৰতীয় যুৱতীৰ দৰেই নিজৰ বিয়াখনৰ বাবে সাজু হৈছে ক্ষমা বিন্দু। ১১ জুনত বিয়া। সাজু কৰিছে কইনাৰ সাজ, আন প্ৰস্তুতিও পূৰ্ণগতিত চলিছে। কিন্তু আন যুৱতীৰ দৰে নহয় ২৪ বছৰীয়া ক্ষমা। কাৰণ ক্ষমাৰ বিয়াৰ বাবে নাই কোনো পাত্ৰ। নিজৰ সৈতেই বিবাহত বহিব যুৱতীগৰাকী। আচৰিত হ’লেও এয়াই সঁচা।

সম্ভৱতঃ গুজৰাটত এয়া প্ৰথম একক বিবাহৰ (Sologamy) ঘটনা। গুৰুত্বপূৰ্ণ কথাটো হ’ল ক্ষমাই সকলো নীতি–নিয়ম মানি আবদ্ধ হ’ব বিবাহপাশত। নিজেই নিজৰ শিৰত পিন্ধিব সেন্দুৰ। বিয়াত নাথাকিব দৰা, নাথাকে কোনো দৰাপক্ষ।

টাইমছ অব ইণ্ডিয়াৰ সৈতে বাৰ্তালাপত ক্ষমাই কয়, তেওঁ কেতিয়াও বিবাহপাশত আবদ্ধ হ’ব বিচৰা নাছিল। কিন্তু কইনা হোৱাটো এটা সপোন আছিল। সেইবাবেই নিজৰ সৈতেই বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছতে তেওঁ অনলাইনত অনুসন্ধান কৰিলে যে কোনো দেশৰ মহিলাই নিজৰ সৈতে বিবাহত বহিছে নেকি। কিন্তু তেওঁ কাকোৱে নাপালে। ক্ষমাই কয় যে তেওঁ দেশত সম্ভৱত নিজৰ সৈতে বিয়া হোৱা প্ৰথমগৰাকী যুৱতী হিচাপে উদাৰহণ হ’ব।

ক্ষমা এখন ব্যক্তিগত ফাৰ্মত চাকৰি কৰে। তেওঁ কয়, এয়া আত্মস্বীকৃতিৰ কাম। মানুহে আন ব্যক্তিৰ সৈতে বিয়াত বহে, যাক তেওঁলোকে ভাল পায়। মই নিজকে ভাল পাওঁ। সেইবাবে নিজৰ সৈতে বিয়াৰ সিদ্ধান্ত লৈছো।

তেওঁ কয়, নিজৰ সৈতে বিবাহত বহা কাৰ্যক কিছুমান লোকে অপ্ৰাসংগিক বুলি ভাবিব পাৰে। কিন্তু মই যি দেখুৱাব বিচাৰিছো সেয়া হ’ল মহিলা গুৰুত্বপূৰ্ণ। তেওঁ কয়, তেওঁৰ পিতৃ–মাতৃয়ে এই বিবাহৰ বাবে আশীৰ্বাদ কৰিছে। ক্ষমাৰ বিয়া গোত্ৰীৰ এটা মন্দিৰত হ’ব। বিয়াত ল’বৰ বাবে নিজে পাঁচটা প্ৰতিজ্ঞা লিখিছে। ইমানেই নহয় বিয়াৰ পিছত হানিমুনলৈও যাব ক্ষমা। ইয়াৰ বাবে তেওঁ গোৱা যাবলৈ স্থিৰ কৰিছে আরু তাত দুসপ্তাহ থাকিব।

Sologamy কি?
ছ’ল’গেমী বা অট’গেমী এজন ব্যক্তিৰ দ্বাৰা নিজৰ সৈতে বিবাহ কৰোৱাটোকে কয়। একক বিবাহৰ সমৰ্থকসকলে যুক্তি আগবঢ়ায় যে নিজকে বিয়া কৰাই নিজৰ গুৰুত্বৰ দৃঢ়তা নিশ্চিত কৰা। এয়া এক সুখী জীৱনৰ দিশে লৈ যায়। ইয়াক স্ব বিবাহো কোৱা হয়।
Published by:Sanjay Kumar Das
First published: