গুজৰাটৰ ভৰুচৰ এখন কোভিড চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড। জুইত কমেও ১৮ জন লোকৰ মৃত্যু হৈছে। ঘটনাটো ভৰুচৰ পেটেল ৱেলফেয়াৰ হস্পিটেলত নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হৈছিল। ক'ৰোনা ৰোগীসকলৰ যত্ন ল'বলৈ পেটেল ৱেলফেয়াৰ হস্পিটেলত এটা কোভিড কেন্দ্ৰ স্থাপন কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ বাহনসমূহ ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পিছত ঘটনাস্থলীলৈ দৌৰি গৈছিল আৰু অশেষ চেষ্টাৰ পিছত জুই নিয়ন্ত্ৰণলৈ আনিছিল।
ভৰুচৰ এছ পি ৰাজেন্দ্ৰ সিং চুদাচামাই কৈছে যে আইচিইউ ৱাৰ্ডত এটা শ্বৰ্ট চাৰ্কিটৰ ফলত চিকিৎসালয়খনত জুই লাগিছিল। চিকিৎসালয়খনত অগ্নিকাণ্ডৰ তথ্যত ১০ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন তৎক্ষণাৎ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল। জুই নিয়ন্ত্ৰণলৈ অনা আৰু ৰোগীসকলক চিকিৎসালয়ৰ পৰা উলিয়াই অনাৰ সময়ত ১৮ জন লোকৰ মৃত্যু হৈছিল। মৃতসকলৰ ভিতৰত আছে ১২ জন ৰোগী আৰু ২ গৰাকী নাৰ্ছ, আনহাতে আন ৪জন মৃতকৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। চিকিৎসালয়খনত জুই লগাৰ সময়ত ৫৮ জন ৰোগীক ভৰ্তি কৰোৱা হৈছিল। ঘটনাস্থলীলৈ দৌৰি যোৱা বিষয়াসকলে কৈছে যে চিকিৎসালয়খনৰ তদন্ত চলি আছে। মৃত্যুৰ সংখ্যাও বৃদ্ধি পাব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|