গুজৰাটৰ কোভিদ হাস্পতালত অগ্নিকাণ্ড, ১৮ জনলৈ লোকে হেৰুৱালে প্ৰাণ

News18 Assam | News18-Assam
Updated:May 1, 2021, 8:39 AM IST
গুজৰাটৰ কোভিদ হাস্পতালত অগ্নিকাণ্ড, ১৮ জনলৈ লোকে হেৰুৱালে প্ৰাণ
ঘটনাতো Bharuchৰ পেটেল ৱেলফেয়াৰ হাস্পতালত নিশা প্ৰায় ১২ বজাত সংঘটিত হৈছিল। পেটেল ৱেলফেয়াৰ হাস্পতালত কোৰোণা ৰোগীৰ ট্ৰিটমেণ্টৰ বাবে কোভিদ চেণ্টাৰ নিৰ্মাণ কৰা হৈছে।

ঘটনাতো Bharuchৰ পেটেল ৱেলফেয়াৰ হাস্পতালত নিশা প্ৰায় ১২ বজাত সংঘটিত হৈছিল। পেটেল ৱেলফেয়াৰ হাস্পতালত কোৰোণা ৰোগীৰ ট্ৰিটমেণ্টৰ বাবে কোভিদ চেণ্টাৰ নিৰ্মাণ কৰা হৈছে।

  • Share this:
গুজৰাটৰ Bharuchৰ এখন কোভিদ হাস্পতালত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডৰ ফলত প্ৰায় ১৮ গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ঘটনাতো Bharuchৰ পেটেল ৱেলফেয়াৰ হাস্পতালত নিশা প্ৰায় ১২ বজাত সংঘটিত হৈছিল। পেটেল ৱেলফেয়াৰ হাস্পতালত কোৰোণা ৰোগীৰ ট্ৰিটমেণ্টৰ বাবে কোভিদ চেণ্টাৰ নিৰ্মাণ কৰা হৈছে। ঘটনাৰ পোহৰলৈ অহাৰ পিছত ফায়াৰ বিগ্ৰেডৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।



Bharuchৰ এছপি ৰাজেন্দ্ৰ সিঙে ক যে, ICUত চৰ্ট চাৰ্কিট হোৱাৰ বাবেই অগ্মিকাণ্ডৰ সূত্ৰপাত হয়। হাস্পতালত জুই লগাৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ১০খন গাড়ী উপস্থিত হয়। কিন্তু যেতিয়ালৈকে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়, তেতিয়ালৈকে প্ৰায় ১৮ জনকৈ লোকে মৃত্যুক সাৱটি লয়। ইয়াৰে ভিতৰত দুগৰাকী নাৰ্ছো আছে। অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সময়ত হাস্পতালখনত ৫৮গৰাকী ৰোগী ভৰ্তি হৈ আছিল।
Published by: Himangshu Bhuyan
First published: May 1, 2021, 8:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি