পত্নীৰ পৰা ‘অতিষ্ঠ’ এজন লোক। পত্নীৰ ‘অত্যাচাৰ’ৰ পৰা হাত সাৰিবলৈ লোকজনে কৰিলে আজৱ কাণ্ড। দীৰ্ঘদিন জে’লত থাকিবৰ বাবেই লোকজনে থানাত কৰিলে অগ্নিসংযোগ। ঘটনাটো গুজৰাটৰ ৰাজকোটৰ। আৰক্ষীয়ে ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধন কৰাৰ বাবে লোকজনক গ্ৰেপ্তাৰ কৰিছে।
লোকজনে দেওবাৰে ৰাজকোট চহৰৰ জামনগৰ ৰোডস্থিত বজৰংগ ৱাডী আৰক্ষী চকীত অগ্নিসংযোগ কৰে আৰু তাৰ পিছত আৰক্ষী থানাৰ বাহিৰত ৰৈ থাকে যাতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
নিউজ১৮ৰ গুজৰাটীৰ সৈতে হোৱা কথা–বতৰাত গান্ধীগ্ৰাম থানাৰ পৰিদৰ্শক খুমান সিং ভালাই কয়, ‘বজৰংগ ৱাডী আৰক্ষী চকীত অগ্নিসংযোগ কৰা লোকজনৰ নাম দেৱজী ওৰফে দেৱ চাৱৰা। আৰ্থিক অনাটন আৰু ঘৰুৱা অশান্তিৰ বাবে পত্নীৰ সৈতে কিছুদিন ধৰি মনোমালিন্য ঘটিছিল।’
লোকজনক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে কৰা সোধা–পোছাত চাৱৰাই কয় যে পাৰিবাৰিক অশান্তিৰ বাবেই তেওঁ থানাত অগ্নিসংযোগ কৰিছে।
আৰক্ষীয়ে তদন্তত জানিব পাৰে যে তেওঁ পত্নীক লৈ অসন্তুষ্ট আছিল আৰু দীঘলীয়া সময়ৰ বাবে জে’ললৈ যাব বিচাৰিছিল। সেইবাবেই লোকজনে থানাত অগ্নিসংযোগ কৰে। উল্লেখযোগ্য যে আইপিচিৰ ধাৰা ৪৩৬ৰ অধীনত লোকজনক ১০ বছৰৰ জে’ল বা জৰিমনা হ’ব পাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|