প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্যত দুটা পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি বৃহস্পতিবাৰে প্ৰথম দিন। ১৮২খন আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত কচ্ছ, সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ জিলাৰ ৮৯খন আসনৰ বাবে আৰম্ভ হৈছে ভোটগ্ৰহণ। নিৰ্ধাৰিত হ’ব ৭৮৮জন প্ৰাৰ্থীৰ ভাগ্য।
দুটা পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰথম দিনা ভাগ্য পৰীক্ষা হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূপিন্দ্ৰ পেটেলৰ। তেওঁৰ লগতে আছে কেইবাজনো গুৰুত্বপূৰ্ণ প্ৰাৰ্থী। গুজৰাট বিধানসভা নিৰ্বাচন এইবাৰ ত্ৰিকোণীয় যুঁজৰ কেন্দ্ৰ। বিজেপি, কংগ্ৰেছৰ সৈতে ফেৰ মাৰি ভোটযুদ্ধত নামিছে অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টী। অৱশ্যে অমিত শ্বাহে দাবী কৰিছে যে গুজৰাটত খোপনি পুতিব নোৱাৰিব কেজৰিৱালৰ আপে।
পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলিব ১৪,৩৮২টা কেন্দ্ৰত চলিব ভোটগ্ৰহণ। মোদী–শ্বাহৰ ৰাজ্যৰ ৪ কোটি ৯১ হাজাৰ ভোটাৰৰ ভিতৰত প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্য কৰিব ২ কোটি ৩৯ লাখ ভোটাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|