Gujarat Assembly Elections 2022: গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ, প্ৰায় ৬০% ভোটাৰে কৰিলে ভোটদান

প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৮৯খন আসনৰ ভিতৰত ২০১৭ চনৰ নিৰ্বাচনত বিজেপিয়ে ৪৮খন আসন লাভ কৰিছিল, কংগ্ৰেছে ৪০খন আসন লাভ কৰিছিল, আনহাতে এখন আসন এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছিল।

  • News18 Assam
  • | December 02, 2022, 21:12 IST
    facebookTwitterLinkedin
    LAST UPDATED 2 MONTHS AGO

    AUTO-REFRESH

    HIGHLIGHTS

    21:15 (IST)

    #গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ

    21:14 (IST)
    প্ৰায় ৬০% ভোটাৰে কৰিলে ভোটদান

    21:14 (IST)
    গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ

    21:13 (IST)

    বিজেপি, কংগ্ৰেছ আৰু আম আদমী পাৰ্টি (আপ)ৰ উপৰিও বহুজন সমাজ পাৰ্টি (বিএছপি), সমাজবাদী পাৰ্টি (এছপি), ভাৰতীয় কমিউনিষ্ট পাৰ্টি-মাৰ্ক্সবাদী (চিপিআই-এম) আৰু ভাৰতীয় জনজাতীয় দল (বিটিপি)য়েও বিভিন্ন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে যিসকলে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।

    21:13 (IST)

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫ বজালৈকে ৫৯.০৫% ভোটাৰে ভোটদান সম্পূৰ্ণ কৰে। ইয়াৰ ভিতৰত তাপি জিলাত ৭২.৩২% ভোটদানেৰে সৰ্বাধিক আৰু চৌৰাষ্ট্ৰৰ ভাৱনাগৰত সৰ্বনিন্ম ৫১.৩৪% ভোটদান সাব্যস্ত হয়।

     
    21:13 (IST)

    ১৪,৩৮২টা ভোটকেন্দ্ৰত অনুষ্ঠিত হয় এই প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

    21:12 (IST)

    গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ, প্ৰায় ৬০% ভোটাৰে কৰিলে ভোটদান

    গুজৰাট বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১৯খন জিলাত ৮৯খন আসনৰ বাবে অনুষ্ঠিত হয়। এই জিলাসমূহ চৌৰাষ্ট্ৰ-কুচ আৰু ৰাজ্যৰ দক্ষিণ অংশত ৭৮৮ জন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। ১৪,৩৮২টা ভোটকেন্দ্ৰত আজি পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হয় এই প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫ বজালৈকে ৫৯.০৫% ভোটাৰে ভোটদান সম্পূৰ্ণ কৰে। ইয়াৰ ভিতৰত তাপি জিলাত ৭২.৩২% ভোটদানেৰে সৰ্বাধিক আৰু চৌৰাষ্ট্ৰৰ ভাৱনাগৰত সৰ্বনিন্ম ৫১.৩৪% ভোটদান সাব্যস্ত হয়।

    প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৮৯খন আসনৰ ভিতৰত ২০১৭ চনৰ নিৰ্বাচনত বিজেপিয়ে ৪৮খন আসন লাভ কৰিছিল, কংগ্ৰেছে ৪০খন আসন লাভ কৰিছিল, আনহাতে এখন আসন এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছিল।

    বিজেপি, কংগ্ৰেছ আৰু আম আদমী পাৰ্টি (আপ)ৰ উপৰিও বহুজন সমাজ পাৰ্টি (বিএছপি), সমাজবাদী পাৰ্টি (এছপি), ভাৰতীয় কমিউনিষ্ট পাৰ্টি-মাৰ্ক্সবাদী (চিপিআই-এম) আৰু ভাৰতীয় জনজাতীয় দল (বিটিপি)য়েও বিভিন্ন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে যিসকলে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।

    আটাইকেইখন আসনত বিজেপি আৰু কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিছে। নতুন প্ৰতিদ্বন্দী আপে ৮৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। চুৰাট পূব সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ ফলত দলটোৱে প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এখন আসন কমকৈ ৰাখিছিল।

    আন আন দলৰ লগতে বিএছপিয়ে ৫৭ জন, বিটিপি ১৪ আৰু চিপিআই-এমৰ ৪ জন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

    গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৩৩৯ জন নিৰ্দলীয় প্ৰাৰ্থীও প্ৰতিদ্বন্দিতাত নামি পৰিছে।

    মুঠ ৭৮৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত বিজেপিৰ ৯ গৰাকী, কংগ্ৰেছৰ ৬ গৰাকী আৰু আপৰ ৫ গৰাকী প্ৰাৰ্থীকে ধৰি ৭০ গৰাকী মহিলা।

    খাম্ভলীয়া আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ইছুদান গাধৱীয়ে। প্ৰথম পৰ্যায়ৰ আন বিশিষ্ট প্ৰাৰ্থীৰ ভিতৰত জামনগৰ (উত্তৰ)ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা জাডেজা আৰু চুৰাটৰ বিভিন্ন আসনৰ পৰা বিজেপি বিধায়ক হৰ্ষ সংঘৱী আৰু পূৰ্ণেশ মোডী আৰু ভৱনগৰৰ পৰা পাঁচবাৰৰ বিধায়ক পৰশ্বোত্তম সোলংকী (গ্ৰাম্য)।

    চৌৰাষ্ট্ৰ অঞ্চলৰ আসনৰ পৰা প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ ভিতৰত আছে ললিত কগাথাৰা, ললিত ভাসোয়া, ৰুটৱিক মাকৱানা, মহম্মদ জাভেদ পিৰ্জাদাৰ দৰে কংগ্ৰেছী বিধায়ক।

    সাতবাৰৰ বিধায়ক তথা প্ৰবীণ জনজাতীয় নেতা ছ’তু ভাছাভাই ভাৰুচৰ ঝাগদিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

    ৫৪খন আসনৰ সৈতে সৌৰাষ্ট্ৰ-কুচ অঞ্চল কংগ্ৰেছৰ বাবে গুৰুত্বপূৰ্ণ হ’ব কাৰণ কংগ্ৰেছে নিজৰ প্ৰদৰ্শন উন্নত কৰিব বিচাৰিছে।