আজি ভাৰতীয় নিৰ্বাচন আয়োগে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। দুটা পৰ্যায়ত ক্ৰমো ১ ডিচেম্বৰ আৰু ৫ ডিচেম্বৰ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ ভোটগণনা ৮ ডিচেম্বৰত কৰা হ’ব বুলি এক সংবাদমেলৰ জৰিয়তে নিৰ্বাচন আয়োগে এই ঘোষণা কৰে। ১৮২ জনীয়া গুজৰাট বিধানসভাৰ কাৰ্যকাল ১৮ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে সমাপ্ত হ'ব।