গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা হ’ব। ধাৰণা কৰা হৈছে এই নিৰ্বাচনত বিজয়ৰ নতুন ইতিহাস ৰচনা কৰিব পাৰে বিজেপিয়ে। গুজৰাটত প্ৰথম পৰ্যায়ত ৫৬.৮৮ শতাংশ আৰু দ্বিতীয় পৰ্যায়ত ৫৮ শতাংশ ভোটদান হৈছিল। ভোটগণনাৰ বাবে স্থানীয় প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। গুজৰাট নিৰ্বাচনৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব আৰু দুপৰীয়ালৈ ফলাফলৰ এখন প্ৰতিচ্ছবি পৰিস্ফূত হোৱাৰ সম্ভাৱনা আছে। আশা কৰা হৈছে সন্ধিয়ালৈ দেশে সম্পূৰ্ণ ফলাফল লাভ কৰিব।
এগজিট প’লৰ অনুমানত কোৱা হৈছে যে বিজেপিয়ে এইবাৰ গুজৰাটত বৃহৎ বিজয় সাব্যস্ত কৰিব। বিজেপিয়ে সৰ্বশক্তিৰে যুঁজ দিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও নিৰ্বাচনী প্ৰচাৰ চলাইছিল। স্থানীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিজেপি নেতাসকলৰ সৈতে কন্দ্ৰীয় মন্ত্ৰী আরু সংগঠনৰ কেইবাগৰাকীও নেতাই গুজৰাটত প্ৰচাৰ চলাইছিল।
বিজেপিয়ে গুজৰাটত বিগত ৬টা বিধানসভা নিৰ্বাচনত ধাৰাবাহিকভাৱে বিজয়ী হৈ আহিছে। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৯৯খন আসন দখল কৰিছিল, কংগ্ৰেছে পাইছিল ৭৭খন আসন। শতাংশৰ হিচাপত চাবলৈ গ’লে উক্ত নিৰ্বাচনত বিজেপিয়ে ৪৯.০৫ শতাংশ ভোট লাভ কৰিছিল, কংগ্ৰেছে লাভ কৰিছিল ৪২.৯৭ শতাংশ। গুজৰাটত ৪.৯ কোটিৰো অধিক ভোটদাতা আছে আৰু ইয়াৰ ভিতৰত ৪.৬ লাখ নতুন ভোটদাতা। নিৰ্বাচন আয়োগে ৰাজ্যখনত ৫১,৭৮২টা ভোটকেন্দ্ৰ স্থাপন কৰিছিল। ইয়াৰ ভিতৰত ৩৪,২৭৬টা ভোটকেন্দ্ৰ গ্ৰাম্য অঞ্চলত আৰু ১৭,৫০৬টা কেন্দ্ৰ চহৰ অঞ্চলত স্থাপন কৰা হৈছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 08, 2022, 07:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|