গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। এইপৰ্যন্ত দেখিবলৈ পোৱা ট্ৰেণ্ড অনুসৰি, বৃহৎ অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে। তাৰ বিপৰীতে প্ৰধান প্ৰতিদ্বন্দ্বী কংগ্ৰেছ আৰু আপ বহু পিছ পৰি থকা দেখা গৈছে।
গুজৰাটৰ গান্ধীনগৰৰ বিজেপিৰ কাৰ্যালয়ত ইতিমধ্যে আৰম্ভ হৈছে সমৰ্থকসকলৰ আনন্দ উৎসৱ। এইপৰ্যন্ত ১৩৮খন আসনত আগুৱাই আছে বিজেপি, কংগ্ৰেছ আগুৱাই আছে ২৭খনত। আপে কোনো মতে দুই সংখ্যাৰ ঘৰত। গুজৰাটত পুনৰ এবাৰ মোদী মেজিকৰ অপেক্ষাত আছে সমৰ্থকসকল। আনন্দ–উল্লাস আৰম্ভ দলীয় কাৰ্যালয়ত। বিজেপি বহু আগত থকাত এতিয়া পুনৰ গুজৰাটৰ শাসনৰ বাঘজৰী বিজেপিৰ হাতলৈ যাব বুলি আশা প্ৰকাশ কৰিছে সমৰ্থকসকলে।