গুজৰাট বিধানসভা নিৰ্বাচনৰ আজি দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। সৌৰাষ্ট্ৰ, কচ্ছ আৰু দক্ষিণ গুজৰাটৰ ৮৯খন আসনৰ বাবে ১ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত, ১৮২খন আসনযুক্ত বিধানসভাৰ বাকী ৯৩খন আসনৰ বাবে আজি অনুষ্ঠিত হৈছে দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। বিজেপি, কংগ্ৰেছ, আম আদমী পাৰ্টীৰ মাজত হৈছে মহল প্ৰতিদ্বন্দ্বিতা।
আজি পুৱাই আহমেদাবাদত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভোটদান কৰাৰ পিছত মোদীয়ে কয়, গণতন্ত্ৰৰ উৎসৱ গুজৰাট, হিমাচল প্ৰদেশ আৰু দিল্লীৰ লোকসকলে ধুমধামেৰে উদযাপন কৰিছে। মই দেশৰ জনতাক ধন্যবাদ জনাব বিচাৰিছো। শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগকো শুভেচ্ছা জনাইছো।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট বিধানসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্য কৰাৰ বাবে সাবৰমতী বিধানসভা সমষ্টিৰ ৰানিপৰ নিশান পাব্লিক স্কুল ভোটকেন্দ্ৰত উপস্থিত হয় পুৱা। মোদীয়ে পথত বহু লোকে জনোৱা অভিবাদনো গ্ৰহণ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|