আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ নাম কংগ্ৰেছ ক্ষমতালৈ অহাৰ পাছত চৰ্দাৰ পেটেল ষ্টেডিয়াম নামেৰে নামাকৰণ কৰা হ’ব। গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে ইস্তাহাৰত এই কথা প্ৰকাশ কৰিছে। তাৰ লগতে মহিলা, যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ইস্তাহাৰত কেইবাটাও বিশেষ ঘোষণা কৰা হৈছে।
ইস্তাহাৰত কংগ্ৰেছে গুজৰাটীৰ বাবে ১০ লাখ চাকৰিৰ সৃষ্টি হ’ব বুলি কৈছে। ইয়াৰ উপৰিও চৰকাৰী চাকৰিত মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণৰ কথাও ঘোষণা কৰা হৈছে। কংগ্ৰেছ শিবিৰত বিধৱা আৰু বৃদ্ধ মহিলাৰ বাবেও প্ৰতিমাহে দুহেজাৰ টকা ভাট্টা দিয়াৰ কথা ঘোষণা কৰিছে। ইয়াৰ সমান্তৰালকৈ স্নাতকোত্তৰ পৰ্যায়লৈকে মহিলা ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ’ব।
ইয়াৰ উপৰিও কংগ্ৰেছে ঘোষণা কৰিছে যে সমগ্ৰ ৰাজ্যত ৩০০০ ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছে ইস্তাহাৰত ৩ লাখ টকা পৰ্যন্ত কৃষি ঋণ ৰেহাই আৰু নিবনুৱা যুৱক-যুৱতীক প্ৰতিমাহে ৩ হাজাৰ টকা দিয়াৰ কথাও ঘোষণা কৰিছে। নির্বাচনী ইস্তাহাৰত কংগ্রেছ শিবিৰে চিকিৎসাৰ সন্দর্ভত বহু ঘোষণা কৰিছিল৷ ১০ লাখ পৰ্যন্ত বিনামূলীয়া চিকিৎসা আৰু ৪ লাখ পৰ্যন্ত ক'ভিড ক্ষতিপূৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।
ইস্তাহাৰ প্ৰকাশৰ সময়ত কংগ্ৰেছে কয় যে গুজৰাটত বিজেপি চৰকাৰৰ কাৰ্যকালত দীৰ্ঘদিন ধৰি ব্যাপক দুৰ্নীতি সংঘটিত হৈ আহিছে। কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰতিটো দুৰ্নীতিৰ তদন্ত হ’ব। ইয়াৰ উপৰিও দোষীক শাস্তি দিয়া হ’ব বুলিও কংগ্ৰেছ শিবিৰে কয়।
১৮২খন আসনৰ গুজৰাট বিধানসভাৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ১ আৰু ৫ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৮ ডিচেম্বৰত ঘোষণা কৰা হ’ব ফলাফল। এইবাৰৰ গুজৰাট বিধানসভা নিৰ্বাচনত সকলোৰে নজৰত আছে। বিজয়ৰ অভিলেখ অক্ষুণ্ণ ৰাখিব বিচাৰিছে বিজেপিয়ে। আনহাতে, কংগ্ৰেছৰ সমান্তৰালকৈ অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিও গুজৰাট বিধানসভাত খেলপথাৰত নামি পৰিছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|