গুজৰাটঃ এটা পৰিয়ালক আক্ৰমণ দুৰ্বৃত্তৰ, ২০ দিনীয়া কণমানিৰ মৃত্যু

আৰক্ষী বিষয়া পি জি ছৰভেয়াই জনালে যে বৃহস্পতিবাৰে নিশা ৫টা দুৰ্বৃত্তই লাঠী লৈ লক্ষ্মী পাটনীৰ ঘৰত প্ৰৱেশ কৰিছিল। লক্ষ্মী পাটনীসহ আন দুগৰাকী মহিলাক কৰিছিল আক্ৰমণ।

Dulu Medhi | news18assam
Updated:June 9, 2019, 12:14 PM IST
গুজৰাটঃ এটা পৰিয়ালক আক্ৰমণ দুৰ্বৃত্তৰ, ২০ দিনীয়া কণমানিৰ মৃত্যু
মৃত কণমানিটিৰ ফাইল ফটো
Dulu Medhi | news18assam
Updated: June 9, 2019, 12:14 PM IST
গুজৰাটস্থিত মেঘানীনগৰ এলেকাত এটা পৰিয়ালৰ ওপৰত আক্ৰমণ চলাইছিল দুৰ্বৃত্তৰ দলে। আক্ৰমণত এটি নৱজাতকৰ মৃত্যু হয়। দুজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষী বিষয়া পি জি ছৰভেয়াই জনালে যে বৃহস্পতিবাৰে নিশা ৫টা দুৰ্বৃত্তই লাঠী লৈ লক্ষ্মী পাটনীৰ ঘৰত প্ৰৱেশ কৰিছিল। লক্ষ্মী পাটনীসহ আন দুগৰাকী মহিলাক কৰিছিল আক্ৰমণ।

আৰক্ষীৰ বিষয়াগৰাকীয়ে জনোৱা মতে, দুৰ্বৃত্তৰ দলটোৱে মাজনিশা ঘৰত প্ৰৱেশ কৰিছিল আৰু পূৰ্বৰ আক্ৰোশৰ বাবে নৃশংসভাৱে লাঠীৰে মাৰধৰ কৰিছিল পৰিয়ালটোৰ মহিলাকেইগৰাকীক।

দুৰ্বৃত্তৰ দলটোৱে (লক্ষ্মী পাটনীৰ কন্যা) ২০ দিনীয়া কণমানি খুছবুক মূৰত লাঠীৰে আক্ৰমণ কৰাত থিতাতে নিহত হৈছিল। আক্ৰমণত লক্ষ্মী পাটনীসহ ভগ্নী গুৰুতৰভাৱে আহত হৈছিল। হত্যা আৰু আক্ৰমণৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে শুকুৰবাৰে ২ অভিযুক্ত সতীশ পাটনী আৰু হিতেশ মাৰবাড়ীক গ্ৰেপ্তাৰ কৰে।

অভিযুক্তৰ ফাইল ফটো


৫টা অভিযুক্তৰ ২টাক গ্ৰেপ্তাৰ
টাইমছ্ অব ইণ্ডিয়াৰ অনুসৰি আৰক্ষীয়ে ৫টা অভিযুক্তৰ ভিতৰত ২টাক গ্ৰেপ্তাৰ কৰে। ধৃত সতীশ পাটনী আৰু হিতেশ মাৰবাড়ী। ৩ অভিযুক্ত গোপাল পাটনী, দীপক পাটনী আৰু লখন ঠাকৌৰ বৰ্তমানেও পলাতক।

ৰুজু কৰা গোচৰ অনুসৰি, ৪৫ বছৰীয়া লক্ষ্মীয়ে ক’লে যে– ‘তেওঁৰ কন্যা খুছবুই ২০১৯ৰ ১৭ মে’ত জন্মগ্ৰহণ কৰিছিল। দুৰ্বৃত্তই লোহাৰ পাইপেৰে উঠি ঘৰত প্ৰৱেশ কৰিছিল আৰু নৃশংসভাৱে মাৰপিট কৰিছিল তাইক।
আৰু চাওক পৰৱৰ্তী বাতৰি