আজি GST পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক, উদ্যোগ জগতক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা

বিস্কুট, জুইশলা আৰু হোটেল উদ্যোগে পাব পাৰে ৰেহাই, কিন্তু অটোম’বাইল ক্ষেত্ৰত ৰেহাইৰ আশা ক্ষীণ বুলি ধাৰণা কৰা হৈছে।

News18-Assam
Updated:September 20, 2019, 8:06 AM IST
আজি GST পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক, উদ্যোগ জগতক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন (Photo : newsd.in)
News18-Assam
Updated: September 20, 2019, 8:06 AM IST
আজি গোৱাত অনুষ্ঠিত হ’ব GST পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক। এয়া জি এছ টি পৰিষদৰ ৩৭সংখ্যক বৈঠক আৰু এই বৈঠকত কেইবাবিধো সামগ্ৰীৰ কৰ হ্ৰাস কৰাৰ আশা কৰা হৈছে। বিস্কুট, জুইশলা আৰু হোটেল উদ্যোগে পাব পাৰে ৰেহাই, কিন্তু অটোম’বাইল ক্ষেত্ৰত ৰেহাইৰ আশা ক্ষীণ বুলি ধাৰণা কৰা হৈছে।

এই বৈঠকত অটোম’বাইল, বিস্কুট, জুইশলা, আউটড’ৰ কেটাৰিঙৰ GSTৰ সালসলনিৰ প্ৰস্তাৱ ৰখা হৈছে। কিন্তু কোৱা হৈছে যে কেৱল হোটেল উদ্যোগক এই বৈঠকত GST ৰেহাই দিয়া হ’ব পাৰে। অটোম’বাইল উদ্যোগে বাহনৰ ওপৰত আৰোপিত ২৮ শতাংশ GST হ্ৰাস কৰি ১৮ শতাংশ কৰাৰ দাবী জনাই আহিছে।

জিএছটি পৰিষদৰ ফিটমেণ্ট কমিটীৰ মতে অটোম’বাইল ক্ষেত্ৰত জি এছ টিৰ হাৰ কৰ্তনে জি এছ টি সংগ্ৰহত প্ৰভাৱ পেলাব। কিয়নো এই ক্ষেত্ৰৰ পৰা বছৰি ৫০ৰ পৰা ৬০ হাজাৰ কোটি টকাৰ জি এছ টি সংগ্ৰহ হয়।

আজিৰ বৈঠকত হোটেল উদ্যোগে পাব পাৰে ৰেহাই। বৰ্তমান ৭৫০০ টকা প্ৰতিনিশাৰ বাবে চাৰ্জ লোৱা বিলাসী হোটেলত ২৮ শতাংশ GST লোৱা হয়। সূত্ৰ অনুসৰি পৰ্যটনক উৎসাহিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিনিশা ১০ৰ পৰা ১২ হাজাৰ টকা চাৰ্জ লোৱা হোটেলৰ বাবে জি এছ টিৰ হাৰ হ্ৰাস কৰি ১৮ শতাংশ কৰা হ’ব পাৰে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি