১ অক্টোবৰৰ পৰা দৈনন্দিন জীৱনৰ এইসমূহ সামগ্ৰীৰ কমিব দাম, চাওক সম্পূৰ্ণ তালিকা

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত GST কাউন্সিলৰ ৩৭ সংখ্যক বৈঠকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। জানো আহক কি কি সস্তা হ’ব আপোনাৰ কাৰণে। 

News18-Assam
Updated:September 21, 2019, 4:18 PM IST
১ অক্টোবৰৰ পৰা দৈনন্দিন জীৱনৰ এইসমূহ সামগ্ৰীৰ কমিব দাম, চাওক সম্পূৰ্ণ তালিকা
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত GST কাউন্সিলৰ ৩৭ সংখ্যক বৈঠকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। জানো আহক কি কি সস্তা হ’ব আপোনাৰ কাৰণে। 
News18-Assam
Updated: September 21, 2019, 4:18 PM IST
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত GST কাউন্সিলৰ ৩৭ সংখ্যক বৈঠকত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৈঠকত বিশেষকৈ বহুকেইবিধ সামগ্ৰীৰ কৰৰ বোজা হ্ৰাস কৰা হৈছে। আনহাতে একাংশ সামগ্ৰীত কৰৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ এই কথা পৰিষ্কাৰ যে ১ অক্টোবৰৰ পৰা বহুকেইবিধ সামগ্ৰী মহঙা হৈ পৰিব আনহাতে আন কিছু সামগ্ৰী সস্তীয়া হৈ পৰিব। 

কি কি সস্তা হ’ল?

১) হোটেলত থকা সস্তীয়া হ’লঃGST কাউন্সিলৰ গোৱাৰ বৈঠকত সকলোতকৈ ডাঙৰ সকাহ হোটেল ইণ্ডাষ্ট্ৰীয়ে পাইছে। এতিয়া ১০০০টকালৈকে ভাৰাৰ হোটেলত কৰ দিব নালাগে। ইয়াৰ পিছত ৭৫০০টকা ভাৰাৰ হোটেলত মাত্ৰ ১২শতাংশ জিএছটি দিব লাগিব। উল্লেখযোগ্য যে বৰ্তমান ৭৫০০টকা পৰ্যন্ত ভাৰাৰ হোটেলত ১৮শতাংশ জিএছটি দিবলগীয়া হয়।

–একেধৰণে ৭৫০০টকাৰ অধিক টেৰিফৰ হোটেলৰ ৰূমৰ ভাৰাত জিএছটি ১৮শতাংশ কৰি দিয়া হৈছে। ইয়াৰ আগতে এনে হোটেলৰ ৰূম ভাৰাত ২৮শতাংশ জিএছটি আছিল।জিএছটিৰ এই নতুন দৰ ১ অক্টোবৰৰ পৰা প্ৰযোজ্য হ’ব।

–দাম কমিল এইবোৰ বাহনৰঃজিএছটি কাউন্সিলে ২৮শতাংশ জিএছটিৰ আওতাত অহা ১০ৰ পৰা ১৩খন আসনযুক্ত পেট্ৰ’ল–ডিজেলৰ বাহনৰ চেচ কম কৰিছে।

–১২০০ চিচিৰ পেট্ৰ’লৰ বাহনত চেচৰ দৰ ১শতাংশ আৰু ১৫০০চিচিৰ ডিজেলৰ বাহনত কৰ ৩শতাংশ কৰা হৈছে। দুই ধৰণৰ বাহনত চেচ বৰ্তমান ১৫শতাংশ। জিএছটি ২৮শতাংশ।

–শুকান তেঁতেলী সস্তাঃ ৫শতাংশ জিএছটি থকা শুকান তেঁতেলীৰ ওপৰত জিএছটি উঠাই লোৱা হৈছে।

–পেণ্টৰ চেইন সস্তাঃকাউন্সিলে স্লাইড ফাস্তনৰ্স (জিপ)ৰ ওপৰত জিএছটি ১৮শতাংশৰ পৰা হ্ৰাস কৰি ১২শতাংশ কৰা হৈছে।

–এইবোৰ সামগ্ৰীও সস্তা হ’বঃজিএছটি কাউন্সিলে সামুদ্ৰিক নৌকাৰ ইন্ধন, গ্ৰাইণ্ডাৰ, হীৰা, ৰুবী, পান্না বা নীলমৰ বাহিৰে আন ৰত্নৰ ওপৰত কৰ হ্ৰাস কৰা হৈছে।

–এই সমূহৰ ওপৰতো জিএছটি দৰ হ্ৰাস কৰা হৈছেঃইয়াৰ লগতে ভাৰতত প্ৰস্তুত নোহোৱা বিশেষ কিছু প্ৰতিৰক্ষা সামগ্ৰীকো জিএছটিৰ পৰা ৰেহাই দিয়া হৈছে।

এইসমূহ সামগ্ৰী মহঙা হৈছে

ৰে’লৰ ডবা মহঙা হৈছেঃ ৰে’লৰ যাত্ৰীবাহী ডবা আৰু ৱেগনৰ ওপৰত জিএছটিৰ দৰ ৫শতাংশৰ পৰা ১২শতাংশ কৰা হৈছে।

কেফেইন থকা সামগ্ৰী মহঙা হৈছেঃপেয় সামগ্ৰীৰ ওপৰত জিএছঠি বৰ্তমান ১৮শতাংশ দৰৰ সলনি ২৮শতাংশ দৰৰ কৰ আৰু ১২শতাংশ অতিৰিক্ত চেচ লগোৱা হৈছে। 

আন সিদ্ধান্ত

ইয়াৰ বাহিৰে কাজ কৰা বা কাজ নকৰা পলিএথিলীন বেগত সমদৰত ১২শতাংশ হাৰত জিএছটি আৰোপ কৰা হৈছে।

জিএছটি বৈঠকত জিএছটিৰ অন্তৰ্গত কৰ দিয়া কৰদাতাসকলৰ ৰেজিষ্ট্ৰেশ্যনক আধাৰৰ সৈতে লিংক কৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাহিৰে ৰিফাণ্ডৰ দাবী কৰা ১২ডিজিট ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ বাধ্যতামূলক কৰাক লৈও চৰ্চা কৰা হৈছে।

জিএছটি ৰিটাৰ্ণ প্ৰক্ৰিয়া সহজ কৰিবলৈ আধিকাৰিক এখন কমিটি গঠনো কৰা হ’ব। কাউন্সিলৰ সিদ্ধান্ত মতে ৰিটাৰ্ণ ফাইল কৰাৰ নতুন প্ৰক্ৰিয়া এপ্ৰিল ২০২০ৰ পৰা বলৱৎ কৰা হৈছে যাতে ৰাইজে এইসমূহ গ্ৰহণ কৰাত অসুবিধা নাপায়।
আৰু চাওক পৰৱৰ্তী বাতৰি