ক্ষুদ্ৰ ব্যৱসায়ীৰ কাৰণে ভাল খবৰ! সোনকালেই কোনো ডকুমেণ্ট নোহোৱাকৈ পাব ১কোটি টকালৈকে লোন

দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক কোনোধৰনৰ ডকুমেণ্ট নোহোৱাকৈ ১০লাখ টকাৰ পৰা ১কোটি টকালৈ ঋণ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। সূত্ৰমতে, জিএছটি এক্সপ্ৰেছ ঋণ যোজনাক মঞ্জুৰ কৰিছে বিত্ত মন্ত্ৰালয়ে। অতি সোনকালেই ইয়াৰ পাইলট প্ৰজেক্টৰ কাম আৰম্ভ হ’ব। 

News18-Assam
Updated:September 28, 2019, 3:11 PM IST
ক্ষুদ্ৰ ব্যৱসায়ীৰ কাৰণে ভাল খবৰ! সোনকালেই কোনো ডকুমেণ্ট নোহোৱাকৈ পাব ১কোটি টকালৈকে লোন
দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক কোনোধৰনৰ ডকুমেণ্ট নোহোৱাকৈ ১০লাখ টকাৰ পৰা ১কোটি টকালৈ ঋণ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। সূত্ৰমতে, জিএছটি এক্সপ্ৰেছ ঋণ যোজনাক মঞ্জুৰ কৰিছে বিত্ত মন্ত্ৰালয়ে। অতি সোনকালেই ইয়াৰ পাইলট প্ৰজেক্টৰ কাম আৰম্ভ হ’ব। 
News18-Assam
Updated: September 28, 2019, 3:11 PM IST
CNBC আৱাজৰ সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি যিসকল ব্যৱসায়ীয়ে ৬মাহলৈ GST ৰিটাৰ্ণ ফাইল কৰে সেইসকল লোকে ঋণ ল’বলৈ কোনো ধৰণৰ ডকুমেণ্ট দেখুৱাৰ প্ৰয়োজন নহ’ব। বিত্ত মন্ত্ৰালয়ে জিএছটি এক্সপ্ৰেছ ঋণ যোজনাক মঞ্জুৰ কৰাৰ খবৰ আহি পৰিছে।

জিএছটি এক্সপ্ৰেছ ঋণ যোজনাৰ বিষয়ে জানো আহক–

জিএছটি ৰিটাৰ্ণ ফাইল কৰাসকলৰ কাৰণে ভাল খবৰ। এতিয়া জিএছটি ৰিটাৰ্ণ ফাইল কৰা ব্যৱসায়ীসকলক বেংকত ৰঙা দলিচা পাৰি স্বাগতম জনোৱা হ’ব! প্ৰত্যেক ৫৯মিনিটত ঋণ যোজনাৰ অধীনত বেংকত এতিয়া জিএছটি এক্সপ্ৰেছ স্কীম অনা হৈছে। ইয়াৰ অধীনত কোনো ধৰনৰ ফাইনেনশ্যিয়েল ষ্টেটমেণ্ট নোহোৱাকৈ ১০লাখ টকাৰ পৰা ১কোটি টকালৈ ঋণ ব্যৱসায়ীসকলক দিয়া হ’ব।

কোনে পাব ইয়াৰ লাভ–বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা জিএছটি ৰিটাৰ্ণ দিয়াক লৈ ঋণ দিয়াৰ প্ৰস্তাৱক মঞ্জুৰি দিয়া হৈছে। ব্যৱসায় সম্প্ৰসাৰণৰ কাৰণে চৰকাৰী বেংক সমূহে নতুন পৰিকল্পনা অতি শীঘ্ৰেই আনিব। এই প্ৰস্তাৱ অনুসৰি ব্যৱসায়ী, পেছাদাৰী ব্যক্তি, কোম্পানী বা ফাৰ্ম আৰু চৰকাৰী সংস্থাসমূহে এই সুবিধা লাভ কৰিব। 

স্কীমৰ জৰিত চৰ্তাৱলী  কি কি–ব্যৱসায়ীসকলে জিএছটি ৰিটাৰ্ণ দিয়াৰ আধাৰত অভাৰড্ৰাফটৰ সুবিধা পাব। ঋণৰ পৰিমাণ বাৰ্ষিক টাৰ্ণঅভাৰ, চেল্ছ, আৰু কলৰেটেলৰ আধাৰত নিৰ্ধাৰণ কৰা হ’ব। এফডি, কিষাণ বিকাশ পত্ৰ, ৰাষ্ট্ৰীয় চেভিংছ চাৰ্টিফিকেট বা স্থায়ী সম্পত্তিও কলৰেটেল হয়। ৰেপ’ বেচড লেণ্ডিং ৰেটৰ ওপৰত ২.২৫শতাংশলৈকে সুতৰ হাৰ হ’ব পাৰে। এবছৰৰ অৱধিৰ ঋণ প্ৰত্যেক বছৰ ৰিনিউ কৰোৱা হ’ব। 
আৰু চাওক পৰৱৰ্তী বাতৰি