দেশত সংবিধান আৰু ধৰ্মীয় স্বতন্ত্ৰতাৰ আঁৰত ব্যাপক ৰূপত বৃদ্ধি পাইছে ধৰ্মীয় উন্মাদনা (Religious Fanaticism)। এটা সম্প্ৰদায়ে এক বিস্তৃত পৰিকল্পনাৰে চৰকাৰী তন্ত্ৰত প্ৰৱেশ কৰাৰ চেষ্টা চলাই আছে । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই দাখিল কৰা ২০২২ চনৰ বছৰেকীয়া প্ৰতিবেদনত উল্লেখ কৰা হৈছে এইসমূহ কথা ।
দেশৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় উন্মাদ আৰু হিংসাই গা কৰি উঠিছে আৰু কেৰালা তথা কৰ্ণাটকত ঘটি যোৱা হিন্দু প্ৰতিষ্ঠানৰ সদস্যৰ হত্যাকাণ্ডই ইয়াৰ জ্বলন্ত উদাহৰণ। এনে ব্যাখ্যা প্ৰদান কৰি প্ৰতিবেদনখনত কোৱা হৈছে যে সংবিধান আৰু ধৰ্মীয় স্বতন্ত্ৰতাৰ আঁৰত হিংসাত্মক কাৰ্যকলাপ, প্ৰচলিত ধাৰা, অনুশাসন তথা প্ৰথা ভংগ কৰি ৰাজপথত মিছিল, সৰু কথাত প্ৰৰোচনামূলকভাৱে হিংসাত লিপ্ত হোৱাৰ প্ৰৱণতা আদি ব্যাপক ৰূপত বৃদ্ধি পাইছে (growing religious fanaticism)।
আনহাতে এনে কাৰ্যকলাপ ষড়যন্ত্ৰমূলক বুলি অভিহিত কৰি সংখ্যাৰ জোৰত যিকোনো উপায়েৰে নিজৰ দাবী মনোৱাৰ এক দীৰ্ঘকালীন পৰিকল্পনা কৰা হৈছে বুলিও উল্লেখ কৰা হৈছে প্ৰতিবেদনত ।
প্ৰতিবেদনখন জমা দিয়া হৈছে আহমেদাবাদত অনুষ্ঠিত হোৱা আৰ এছ এছৰ (RSS) অখিল ভাৰতীয় প্ৰতিনিধি সভাৰ বৈঠকত (meeting in Ahmedabad)। আৰ এছ এছে যোৱাটো বছৰত কৰা কামৰ খতিয়ান দাখিল কৰিবলৈ আৰু অনাগত বছৰত কৰিবলগীয়া কামৰ এক আভাস দিবলৈ এই বৈঠক অনুষ্ঠিত কৰিছে । অখিল ভাৰতীয় প্ৰতিনিধি সভা প্ৰতিষ্ঠানটোৰ শীর্ষতম সিদ্ধান্ত গ্ৰহণকাৰী শাখা। দেওবাৰৰ এই বৈঠকতে দেশত নিবনুৱা সমস্যা নিৰ্মূল কৰিবলৈ সংকল্প লোৱাৰ কথা আছে ।
উল্লেখ্য যে বৈঠকখনত দাখিল কৰা বছৰেকীয়া প্ৰতিবেদনত ( annual report) ধৰ্ম পৰিৱৰ্তনৰ বিষয়টোও উত্থাপন হয়। পঞ্জাৱ, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰ প্ৰদেশত আদিৰ পৰা পৰিকল্পিত ৰূপত ধর্ম পৰিৱৰ্তনৰ খবৰ নিৰন্তৰ আহি থাকে বুলি প্ৰতিবেদনত উল্লেখ কৰি এনে ঘটনা যদিও নতুন নহয়, কিন্তু নতুন নতুন পদ্ধতি অৱলম্বন কৰি বহু লোকক ধৰ্ম পৰিৱৰ্তনৰ কাৰণে প্ৰৰোচনা কৰা হয় বুলি কোৱা হৈছে । যদিও হিন্দু সমাজৰ বহু ধৰ্মীয় আৰু সামাজিক নেতৃত্ব তথা প্ৰতিষ্ঠান সক্ৰিয় হৈছে, কিন্তু এনে কাৰ্যকলাপৰ অন্ত পেলাবলৈ পৰিকল্পিত তথা সুসংবদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজন বুলি উল্লেখ কৰে প্ৰতিবেদনত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|