কাপোৰৰ ওপৰত স্পৰ্শ নাবালিকা নিৰ্যাতন নহয়, বম্বে হাই ক'ৰ্টৰ ৰায়

News18 Assam | News18-Assam
Updated:January 25, 2021, 9:38 PM IST
কাপোৰৰ ওপৰত স্পৰ্শ নাবালিকা নিৰ্যাতন নহয়, বম্বে হাই ক'ৰ্টৰ ৰায়
পকছ’ৰ ৭নং ধাৰা অনুসৰি এই ৰায় দিয়া হয়।

পকছ’ৰ ৭নং ধাৰা অনুসৰি এই ৰায় দিয়া হয়।

  • Share this:
ছালৰ সৈতে ছালৰ সংস্পৰ্শ নোহোৱাকৈ, কাপোৰৰ ওপৰত নাবালিকাৰ দেহত হাত দিলে পকছ’ (POCSO Act) আইনৰ আওতাত যৌন নিগ্ৰহ হিচাপে গ্ৰাহ্য নহ’ব। এই ৰায় দিলে বম্বে হাই ক’ৰ্টে।

বম্বে হাই ক’ৰ্টৰ নাগপুৰ বেঞ্চৰ ন্যায়াধীশ পুষ্পা গানেদিৱালাই ১৯ জানুৱাৰীত এক ৰায়ত জনায়, যৌনতামূলক কাৰ্যকলাপৰ অভিপ্ৰায়ত ছালৰ সৈতে ছালৰ সংস্পৰ্শ হ’লেহে যৌন নিৰ্যাতন হিচাপে প্ৰমাণিত হ’ব। তেওঁ এই ৰায়ত স্পষ্টভাৱে জনায়, কাপোৰ নোখোলাকৈ যদি স্তনত হাত দিয়া হয় তেনেহ’লে সেয়া যৌন নিৰ্যাতনৰ আওতাত নপৰে। পকছ’ৰ ৭নং ধাৰা অনুসৰি এই ৰায় দিয়া হয়।

১২ বছৰীয়া এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগত ৩৯ বছৰীয়া এজন লোকক ৩ বছৰৰ শাস্তি ঘোষণা কৰে ছেছন ক’ৰ্টে। সেই ৰায়ৰ পৰিপ্ৰেক্ষিতত এই শুনানি ঘোষণা কৰে পুষ্পা গানেদিৱালে।

শনিবাৰে এই গোচৰৰ শুনানিত পুষ্পা গানেদিৱালে জনায়, যিহেতু পোছাক নোখোলাকৈ অভিযুক্তই নাবালিকাৰ স্তনত হাত দিছিল, সেয়ে পকছ’ আইনৰ আওতাত সেয়া যৌন নিৰ্যাতন হিচাপে গণ্য কৰা নহ’ব। কিন্তু ৩৫৪ (শ্লীলতা হানি) ধাৰাত লোকজনক দোষী সাব্যস্ত কৰা হৈছে। এই ধাৰাত ন্যূনতম শাস্তি ১ বছৰৰ কাৰাবাস, পকছ’ ধাৰাত যৌন নিৰ্যাতনৰ ন্যূনতম শাস্তি ৩ বছৰ কাৰাবাস।
Published by: Sanjay Kumar Das
First published: January 25, 2021, 9:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি