• Home
  • »
  • News
  • »
  • nation
  • »
  • বিয়াৰ দুদিন পিছতে কোৰোণাত আক্ৰান্ত হৈ মৃত্যু দৰাৰ! বিয়া খাবলৈ আহি সংক্ৰমিত ১০০জন

বিয়াৰ দুদিন পিছতে কোৰোণাত আক্ৰান্ত হৈ মৃত্যু দৰাৰ! বিয়া খাবলৈ আহি সংক্ৰমিত ১০০জন

ফাইল ফটো

ফাইল ফটো

বিয়াৰ ১৫ দিন পিছতো এতিয়াও ওলাই আছে কোৰোণা পজিটিভ ৰোগী।

  • Share this:
এক মৰ্মান্তিক ঘটনা। বিয়াৰ দুদিন পিছতে কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হ’ল দৰাৰ। বিয়া খাবলৈ আহি সংক্ৰমিত হ’ল ১০০জন লোক। লকডাউনৰ মাজতো চৰকাৰে নিৰ্দিষ্ট নীতি–নিয়মৰ ভিতৰত বিবাহ অনুষ্ঠানৰ অনুমতি দিছিল। কিন্তু এখন বিয়াৰ বাবেই এতিয়া এটা অঞ্চলত সৃষ্টি হৈছে ভয়ংকৰ পৰিৱেশ।

ঘটনাটো বিহাৰৰ। পালিগঞ্জৰ এখন বিয়াৰ পৰাই কোৰোণা সংক্ৰমণ হ’ল ১০০জন লোকলৈ। বিয়াৰ দুদিন পিছতে মৃত্যু হ’ল দৰাৰ। বিয়াৰ ১৫ দিন পিছতো এতিয়াও ওলাই আছে কোৰোণা পজিটিভ ৰোগী। এই বিয়াখনৰ পিছত প্ৰায় ৩৫০জন লোকৰ নমুনা পৰীক্ষা কৰা হয়। পৰীক্ষা কৰা হয় বিয়ালৈ অহা বৰযাত্ৰী আৰু আত্মীয়সকলৰ নমুনা। তদুপৰি বিয়াত উপস্থিত থকা ফটোগ্ৰাফাৰ, মিঠাই প্ৰস্তুতকাৰী, খাদ্যবস্তু যোগানকাৰী সকলোৰে নমুনা পৰীক্ষা কৰা হৈছে।

দিল্লীৰ পৰা আহি ১৫ জুনত বিবাহপাশত আবদ্ধ হৈছিল এজন যুৱক। দিল্লীৰ পৰা ওভতাৰ পিছতে হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়া হৈছিল যুৱকজনক। বিয়াৰ দ্বিতীয় দিনা যুৱকজনে জনায় যে তেওঁৰ পিটৰ বিষ হৈছে। হাস্পতালত মৃত্যু হয় যুৱকজনৰ। তাৰ পিছতে মৃতকৰ পৰিয়ালসহ বহু লোকৰ কোৰোণা টেষ্ট কৰা হয়। পৰীক্ষাৰ ফলাফলত দোকানী, পাচলি বিক্ৰেতা, ফটোগ্ৰাফাৰ, পঞ্চায়তৰ সদস্যৰ স্বামীসহ প্ৰায় ১০০জন লোকৰ দেহত ধৰা পৰিল কোভিড–১৯ পজিটিভ। এই ঘটনাৰ পিছতে আৰক্ষী–প্ৰশাসনে ছীল কৰিছে কেইবাখনো বজাৰৰ লগতে কেইবাটাও অঞ্চল।
First published: