জানিব পৰা মতে নগা উগ্ৰপন্থী সংগঠন NSCN(KYA)এ গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰিছে। বৃহস্পতি বাৰে নিশা সংঘটিত এই বিস্ফোৰণৰ ফলত ক্ষয়ক্ষতিৰ সবিশেষ তথ্য পোৱা নাই যদিও এখন এক্সকেভেটৰ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি চেংলিছো বস্তিৰ বিধ্বস্ত পথ মেৰামতি কৰি দিবলৈ আছাম ৰাইফলছ (Assam Rifles)ক সেই বস্তিটোৰ বাসিন্দাই অনুৰোধ জনাইছিল। সেই অনুসৰি আছাম ৰাইফলছৰ তৰফৰ পৰা এখন এক্সকেভেটৰপ্ৰেৰণ কৰি পাহাৰীয়া ওখোৰা-মোখোৰা পথটো মেৰামতিৰ প্ৰয়াস কৰা সময়তে নগা উগ্ৰপন্থী সংগঠনটোৱে এক্সকেভেটৰখনলৈ গ্ৰেণেড নিক্ষেপ কৰি বিস্ফোৰণ সংঘটিত কৰে।