বাজেট ২০২১: জানক এইবাৰ ইনকাম টেক্সৰ শ্লেবৰ পৰিৱৰ্তন হ’বনে? কি কি সকাহ আশা কৰিব পাৰে?

বৰ্তমানৰ নিয়ম অনুসৰি ২.৫–৫লাখ টকা আয়ৰ টেক্স শ্লেবৰ পৰিমাণ ৫ শতাংশ, ৫–১০লাখ টকা আয়ৰ ক্ষেত্ৰত টেক্স শ্লেবৰ পৰিমাণ ২০শতাংশ তথা ১০লাখ টকাৰ ওপৰৰ আয়ৰ ক্ষেত্ৰত টেক্স শ্লেবৰ পৰিমাণ ৩০শতাংশ।
বৰ্তমানৰ নিয়ম অনুসৰি ২.৫–৫লাখ টকা আয়ৰ টেক্স শ্লেবৰ পৰিমাণ ৫ শতাংশ, ৫–১০লাখ টকা আয়ৰ ক্ষেত্ৰত টেক্স শ্লেবৰ পৰিমাণ ২০শতাংশ তথা ১০লাখ টকাৰ ওপৰৰ আয়ৰ ক্ষেত্ৰত টেক্স শ্লেবৰ পৰিমাণ ৩০শতাংশ।
- News18 Assam
- Last Updated: January 22, 2021, 12:07 PM IST
কোৰোণাকালত দেশৰ অৰ্থনীতিৰ অৱস্থা অতি শোচনীয়। এই পৰিস্থিতিত ২০২১–২২ বিত্তবৰ্ষত বাজেটৰ ফালে সকলোৱে দৃষ্টি ৰাখিছে। বাজেটক লৈ যথেষ্ট আশা। আৰু ঠিক এইখিনিতে এক ডাঙৰ ভূমিকা লয় আয়কৰে। আনহাতে ইনকাম টেক্স শ্লেবত পৰিৱৰ্তন অনা অতি গুৰুত্বপূৰ্ণ বিষয়ৰূপে বিবেচিত হৈছে। সেয়াই জনাইছে বিশেষজ্ঞসকলে। এই সংবাদমাধ্যমৰ সূত্ৰত জনোৱা গৈছে ইনকাম টেক্স শ্লেবৰ ওচৰা–ওচৰিকৈ অন্যান্য ভাৱে আয়কৰ ৰেহাইৰ বিষয়টো বিবেচনা কৰিছে বিত্তমন্ত্ৰীয়ে। গতিকে ৰেভিনিউ কালেকশ্যন তথা ডাইৰেক্ট টেক্সৰ ক্ষেত্ৰত কি হ’ব পাৰে সেই বিষয়টো এতিয়াও অনিশ্চিত।
এইক্ষেত্ৰত বৰ্তমান টেক্স শ্লেবৰ ওপৰত দৃষ্টি দিব পাৰি। বৰ্তমানৰ নিয়ম অনুসৰি ২.৫–৫লাখ টকা টেক্স শ্লেবৰ পৰিমাণ ৫শতাংশ, ৫–১০লাখ টকা আয়ৰ ওপৰত টেক্স শ্লেবৰ পৰিমাণ ২০শতাংশ তথা ১০লাখ টকাৰ ওপৰত আয়ৰ ক্ষেত্ৰত টেক্স শ্লেবৰ পৰিমাণ ৩০শতাংশ। গতিকে বৰ্তমান টেক্স শ্লেবৰ কিবা পৰিৱৰ্তন হ’লে কি কি প্ৰভাৱ পৰিব সেই বিষয়টো অতি গুৰুত্বপূৰ্ণ।
একেসময়তে 80D ধাৰাত হেলথ ইন্সুৰেন্স প্ৰিমীয়ামৰ ডিডাকচন লিমিট বৃদ্ধিৰ প্ৰস্তাৱক লৈ ও বিবেচনা কৰিব পাৰে চৰকাৰে। এই সমূহ জল্পনা–কল্পনাৰ মাজত ফেব্ৰুৱাৰী মাহত বাজেট দাখিল কৰিব কেন্দ্ৰ চৰকাৰে।
উল্লেখ্য যে, ২০২০ বৰ্ষৰ বাজেটত এক ডাঙৰ স্বস্তি পোৱা গৈছিল। সকলোতকৈ ডাঙৰ বিষয়টো আছিল পাঁচ লাখ টকাৰ তলত উপাৰ্জন কৰাসকলে কোনো আয়কৰ দিব নালাগে। এইক্ষেত্ৰত ৫–৭.৫ লাখ টকা আয়ৰ ওপৰত কৰ কমাই ১০শতাংশ কৰা হৈছিল। ৭.৫ -১০ লাখ টকা আয়ৰ ওপৰত কৰৰ পৰিমাণ ধাৰ্য কৰা হৈছিল ১৫শতাংশ আৰু ১০–১২.৫লাখ টকা আয়ৰ ওপৰত কৰৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছিল ২৫শতাংশ। আনহাতে যিসকলৰ বাৰ্ষিক আয়ৰ পৰিমাণ ১৫লাখ টকা বা ততোধিক তেওঁলোকৰ কৰৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছিল ৩০শতাংশ।