• Home
  • »
  • News
  • »
  • nation
  • »
  • ছাত্ৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি শিক্ষক যাব লগা হ'ল জে'লত, সহপাঠীয়ে ৰেকৰ্ড কৰা ভিডিঅ' ভাইৰেল

ছাত্ৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি শিক্ষক যাব লগা হ'ল জে'লত, সহপাঠীয়ে ৰেকৰ্ড কৰা ভিডিঅ' ভাইৰেল

 ভিডিঅ'টো প্ৰচাৰ হোৱাত ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হয় আৰু অনুসন্ধান নামি পৰে প্ৰশাসন।

ভিডিঅ'টো প্ৰচাৰ হোৱাত ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হয় আৰু অনুসন্ধান নামি পৰে প্ৰশাসন।

ভিডিঅ'টো প্ৰচাৰ হোৱাত ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হয় আৰু অনুসন্ধান নামি পৰে প্ৰশাসন।

  • Share this:

এগৰাকী শ্ৰেণী শিক্ষকে এজন শিক্ষাৰ্থীক নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে শিক্ষকগৰাকীৰ জীৱনলৈ নামি আহে দুৰ্ভাগ্য। এই ভিডিঅ'টো তামিলনাডুৰ কুড্ডালোৰ জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ। শিক্ষকগৰাকীয়ে ছাত্ৰজনক আঁঠু কঢ়োৱাৰ লগতে চেকনিৰে নিৰ্দয়ভাৱে প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি ছাত্ৰজনক চুলিত ধৰি টনা–আঁজোৰা কৰে আৰু লঠিয়ায়।


শিক্ষকগৰাকীৰ এই কাণ্ড শ্ৰেণীকোঠাটোৰ ভিতৰত থকা এগৰাকী ছাত্ৰই ফোনত ৰেকৰ্ড কৰিছিল। পিছত ভিডিঅ'টো প্ৰচাৰ হোৱাত ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হয় আৰু অনুসন্ধান নামি পৰে প্ৰশাসন। জানিব পৰা মতে, শিক্ষকগৰাকীৰ নাম এম সুব্ৰমণিয়ম আৰু ছাত্ৰজন দ্বাদশ শ্ৰেণীত অধ্যয়নৰত।


ছাত্ৰজনক শ্ৰেণী শ্ৰেণীকোঠাত উপস্থিত নথকাক লৈ সোধা–পোছা কৰাৰ সময়ত এইদৰে প্ৰহাৰ কৰে। স্কুলৰ অধ্যক্ষই জনোৱা মতে, ৮গৰাকী ছাত্ৰই প্ৰথমটো ক্লাছ কৰে যদিও ইয়াৰ পিছৰ পদাৰ্থ বিজ্ঞানৰ শ্ৰেণীত উপস্থিত নাছিল। তেওঁলোক আটায়ে স্কুলৰ দ্বিতীয় মহলাত বহি থকা দেখা পাই ততালিকে ক্লাছলৈ আহিবলৈ কোৱা হয়। আনহাতে যিগৰাকী ছাত্ৰক প্ৰহাৰ কৰা হৈছিল তেওঁ পদাৰ্থ বিজ্ঞানৰ নোটবুক আনিবলৈ পাহৰি যোৱা বুলি উল্লেখ কৰি শিক্ষকগৰাকীৰ অনুমতি লৈ নোটবুক আনিবলৈ গৈছিল যদিও আনকেইগৰাকীৰ লগত বহি আড্ডা দি আছিল।


ইয়াতে ক্ষুণ্ণ হৈ ছাত্ৰগৰাকীক মিছা মাতি ক্লাছ নকৰাৰ বাবে এইদৰে প্ৰহাৰ কৰে। কিন্তু ভিডিঅ'টোত শিক্ষকগৰাকীৰ নিষ্ঠুৰতাই সকলো সীমা পাৰ কৰা দেখা গৈছিল। ইয়াকে লৈ তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় আৰু গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে নিলম্বন কৰা হৈছে শিক্ষকগৰাকীক। তেওঁৰ ওপৰত বহুকেইটা ধাৰা আৰোপ কৰা হৈছে।

Published by:Gautam Barman
First published: