চৰকাৰৰ মতে NPR আৰু NRC বেলেগ, তথাপিও কিয় বিতৰ্ক?

News18 Assam | News18-Assam
Updated:December 25, 2019, 4:03 PM IST
চৰকাৰৰ মতে NPR আৰু NRC বেলেগ, তথাপিও কিয় বিতৰ্ক?
চৰকাৰে নেচনেল পপুলেচন ৰেজিষ্টাৰৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগে লগে চৰ্চা আৰম্ভ হৈছে যে NPR হৈছে ৰাষ্ট্ৰীয় NRCৰ প্ৰথম খোজ। অৱশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এইক্ষেত্ৰত দুয়োটাৰে পাৰ্থক্য উল্লেখ কৰিছে আৰু সামঞ্জস্য নস্যাৎ কৰিছে। চাও আহক কেনে ধৰণৰ তথ্য NPR–এ সংগ্ৰহ কৰিব, কি কাৰণে এয়া বিতৰ্কৰ আওতাত সোমাইছে আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সৈতে ইয়াৰ কিবা সাদৃশ্য আছে  নে কি?

চৰকাৰে নেচনেল পপুলেচন ৰেজিষ্টাৰৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগে লগে চৰ্চা আৰম্ভ হৈছে যে NPR হৈছে ৰাষ্ট্ৰীয় NRCৰ প্ৰথম খোজ। অৱশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এইক্ষেত্ৰত দুয়োটাৰে পাৰ্থক্য উল্লেখ কৰিছে আৰু সামঞ্জস্য নস্যাৎ কৰিছে। চাও আহক কেনে ধৰণৰ তথ্য NPR–এ সংগ্ৰহ কৰিব, কি কাৰণে এয়া বিতৰ্কৰ আওতাত সোমাইছে আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সৈতে ইয়াৰ কিবা সাদৃশ্য আছে  নে কি?

  • Share this:
CAA বিৰোধী প্ৰতিবাদৰ মাজত অসমৰ বাহিৰত ৰাষ্ট্ৰীয় NRCক লৈও প্ৰৱল ক্ষোভৰ পৰিৱেশ। তীব্ৰ ক্ষোভ, প্ৰতিবাদৰ মাজতে চৰ্চাত উঠিছে এনপিআৰৰ প্ৰসংগ। মঙলবাৰে কেবিনেটৰ বৈঠকত কেন্দ্ৰই NPRক লৈ অনুমোদন জনালে। মুঠ ৩,৯০০ কোটি টকাৰে অসমৰ বাহিৰে দেশৰ আন ঠাইত এনপিআৰ কৰা হ’ব। বায়’মেট্ৰিক পদ্ধতি নহয় ঘৰে ঘৰে ঘুৰি সংগ্ৰহ কৰা হ’ব এনপিআৰৰ তথ্য। এটা এপৰ জৰিয়তে তথ্য সংগ্ৰহ কৰা হ’ব। ইয়াৰ কাৰণে কোনো ব্যক্তিৰ পৰিচয় সংক্ৰান্তীয় নথিৰ প্ৰয়োজন নাই, জনালে কেন্দ্ৰই।

এনপিআৰক লৈ কেন্দ্ৰই এতিয়া ভুল ভাঙিবলৈ চেষ্টা কৰিছে। কেবিনেট বৈঠকৰ পিছত সংবাদমেলত প্ৰকাশ জাভড়েকাৰ আৰু পীয়ুষ গোৱেলে এই সন্দৰ্ভত ফঁহিয়াই বুজাবলৈ চেষ্টা কৰে। কেনেকৈ এনপিআৰৰ তথ্য আপডেট হ’ব? জনালে কেন্দ্ৰই।

NPRৰ ক্ষেত্ৰত কোনো পৰিচয় পত্ৰ বা নথি দিব নালাগে।

ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব সমীক্ষকে।

এপৰ জৰিয়তেও তথ্য সংগ্ৰহ কৰিব চৰকাৰে।

ঘৰত কেৱল তথ্যৰ কথা সোধা হ’ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ইতিমধ্যে জনাই দিছে যে এনপিআৰ আৰু এনআৰচিৰ মাজত কোনো সম্পৰ্ক নাই।

NPR কি?

নাগৰিকসকলৰ পৰিচয় সংক্ৰান্তীয় তথ্য এই প্ৰক্ৰিয়াত সংগ্ৰহ কৰা হয়। কোনো এলেকাত যদি এজন মানুহ ৬মাহ বা তাতোকৈ বেছি সময় থাকে তেনেহ’লে সেই ব্যক্তিক অঞ্চলটোৰ বাসিন্দা ধৰা হয়। এনপিআৰ আপডেট হোৱাৰ পিছতে লোকপিয়লৰ কাম হ’ব।

২০১১চনত লোকপিয়লৰ পূৰ্বে ২০১০চনত ইউপিএৰ আমোলত এনপিআৰৰ তথ্য সংগ্ৰহ কৰা হৈছিল। ২০১৫চত পুনৰ তথ্য সংগ্ৰহ কৰা হয়। সেই তথ্য ডিজিটাইজেশ্যনৰ কামো সম্পূৰ্ণ কৰা হৈছে বুলি লোকপিয়ল কৰ্তৃপক্ষই জনাইছে। আকৌ এবাৰ সেই কাম আৰম্ভ কৰা হৈছে। অৱশ্যে এইবাৰ পৰিস্থিতি কিছু সুকীয়া, সেইকাৰণে মোদী চৰকাৰে অত্যন্ত সাৱধানে কাম আগবঢ়াইছে।

NPR আৰু NRC সম্পৰ্কিত নে কি?

নাগৰিকত্ব আইনে চৰকাৰক প্ৰতিজন নাগৰিকৰ তথ্য সম্বলিত এখন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় NRC যদিহে হয় তেনেহ’লে এনপিআৰৰ পৰাই ওলাব। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে, এনপিআৰৰ পিছে পিছে এনআৰচি হ’বই লাগিব। ২০১০চনত এনপিআৰৰ পিছত কোনো এনআৰচি কৰা হোৱা নাছিল। বাসিন্দাসকলৰ তালিকা প্ৰস্তুত কৰাৰ পিছত যদিহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হয় তেনেহ’লে সেই তালিকাৰ পৰা নাগৰিকসকলৰ নিশ্চিত কৰাৰ কাম সম্পন্ন কৰা হ’ব পাৰে।

সৌজন্যঃইণ্ডিয়ান এক্সপ্ৰেছ


আন কি কাৰণত NPR বিতৰ্কিত?

ব্যক্তিগত তথ্য বিচৰাৰ কাৰণে এনপিআৰ বিতৰ্কৰ আওতাত সোমাইছে। এনপিআৰে ব্যক্তিসকলৰ বহু ব্যক্তিগত তথ্য বিচৰাৰ দিশে অগ্ৰসৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি