বিমান যাত্ৰীসকলৰ বাবে এটা দুঃখবৰ। এতিয়াৰ পৰা ব্যয়বহুল হৈ পৰিব বিমান যাত্ৰা। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বৃহস্পতিবাৰে সকলো বেণ্ডৰ বিমান ভাড়া বৃদ্ধি কৰে। এই পদক্ষেপে বৰ্তমান লোকচানৰ সন্মুখীন হৈ থকা এয়াৰলাইনসমূহক সকাহ দিব যদিও ৩১ মাৰ্চলৈ বিমান যাত্ৰীসকলৰ খৰচ বৃদ্ধি কৰিব। বিমান ভাড়াৰ নিম্নতম আৰু উৰ্ধতম সীমা ১০ৰ পৰা ৩০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। বৃহস্পতিবাৰে মন্ত্ৰণালয়ে এক অধিসূচনা যোগে এই তথ্য জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে বিগত বছৰৰ মে’ মাহত ঘৰুৱা বিমান সেৱা পুনৰ মুকলি কৰিছিল আৰু বেণ্ড অনুসৰি বিমান ভাড়াত প্ৰতিবন্ধকতা আৰোপ কৰিছিল। যা'তে বৰ্ধিত মূল্যই যাত্ৰীক অসুবিধাত নেপেলায়। ৪০ মিনিটতকৈ কম সময়ৰ বিমানসমূহ এনেধৰণৰ বেণ্ডত সন্নিৱিষ্ট আছিল।
সংশোধিত নিৰিখ অনুসৰি প্ৰথম বেণ্ডৰ নূন্যতম ৰাশি ২০০০ টকাৰ পৰা ২২০০ টকালৈ বৃদ্ধি কৰা হৈছে। আনহাতে উচ্চতম ৰাশি ৬০০০ টকাৰ পৰিৱৰ্তে ৭৮০০ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ বেণ্ডসমূহ ৪০ৰ পৰা ৬০ মিনিট, ৬০ৰ পৰা ৯০ মিনিট, ৯০ৰ পৰা ১২০ মিনিট, ১২০ মিনিটৰ পৰা ১৫০ মিনিট, ১৫০ মিনিটৰ পৰা ১৮০ মিনিট আৰু ১৮০ মিনিটৰ পৰা ২১০ মিনিট।
অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ সংশোধিত নিৰিখ অনুসৰি নিম্ন আৰু উচ্চতম সীমা হৈছে: ৬০ৰ পৰা ৯০ মিনিটতৰ যাত্ৰাৰ বাবে নূন্যতম ভাড়া ৩,৩০০ৰ পৰিৱৰ্তে ১১,৭০০ টকা। ৯০ৰ পৰা ১২০ মিনিটৰ বাবে নূন্যতম ভাড়া ৩,৫০০ টকা আছিল যদিও এতিয়াৰ পৰা নতুন ভাড়া হ’ব ৩,৯০০ আৰু উচ্চতম ১৩,,০০০ টকা। একেদৰে ১২০ মিনিটৰ পৰা ১৫০ মিনিটৰ যাত্ৰাৰ নূন্যতম আৰু উচ্চতম ভাড়া ক্ৰমে ৫,০০০ আৰু ১৬,৯০০ টকা হ’ব।
ইয়াৰ সমান্তৰালকৈ ১৫০ মিনিটৰ পৰা ১৮০ মিনিটৰ যাত্ৰাৰ বাবে আপুনি বহন কৰিব লাগিব নূন্যতম ৬,১০০ আৰু উচ্চতম ২০,৪০০ টকা। আনহাতে ১৮০ মিনিটৰ পৰা ২১০ মিনিটৰ বিমানৰ সংশোধিত নূন্যতম ভাড়া হ’ব ৭,২০০ টকা আৰু উচ্চতম ২৪,২০০ টকা।
মন্ত্ৰণালয়ে জাৰি কৰা অধিসূচনা মতে, এই নতুন নিৰিখ ৩১ মাৰ্চ, ২০২১ লৈকে বা পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত বাহাল থাকিব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : February 12, 2021, 20:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।