ভালখবৰ! ঘৰৰ পৰা কাম কৰিবলগীয়া হ’ব পাৰে চৰকাৰী কৰ্মচাৰীয়ে, বছৰত লাভ কৰিব ইমান দিন

ফাইল ফটো
ডিপাৰ্টমেণ্ট অৱ পাৰ্চনেল এণ্ড ট্ৰেইনিঙে ই-অফিছত কাম কৰা আৰম্ভ কৰিছে। ৭৫টা মন্ত্ৰণালয় ইতিমধ্যে ই-অফিছৰ সৈতে জড়িত হৈছে।
- News18 Assam
- Last Updated: May 14, 2020, 4:01 PM IST
১৫ দিন ৱৰ্ক ফ্ৰম হোম
কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ ৱৰ্ক ফ্ৰম হোমকলৈ এতিয়া খচৰা প্ৰস্তুত কৰিছে। সেই অনুসৰি চৰকাৰী কৰ্মচাৰীয়ে বছৰত ১৫ দিন ঘৰৰ পৰা কাম কৰাৰ সুবিধা লাভ কৰিব।
ডিপাৰ্টমেণ্ট অৱ পাৰ্চনেল এণ্ড ট্ৰেইনিঙে ই-অফিছত কাম কৰা আৰম্ভ কৰিছে। ৭৫টা মন্ত্ৰণালয় ইতিমধ্যে ই-অফিছৰ সৈতে জড়িত হৈছে। ইয়াৰ উপৰিও ৫৭টা মন্ত্ৰণালয়ে ৮০ শতাংশ কাম-কাজ পৰ্টেলৰ জৰিয়তে কৰি আছে।