உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • আপোনাৰ গাড়ীত এইবোৰ সুবিধা থকাটো বাধ্যতামূলক! সমুখৰ আসনত বহাজনেও মানিব লাগিব নিয়ম, ১ এপ্ৰিলৰ পৰা হ'ব কাৰ্যকৰী

    আপোনাৰ গাড়ীত এইবোৰ সুবিধা থকাটো বাধ্যতামূলক! সমুখৰ আসনত বহাজনেও মানিব লাগিব নিয়ম, ১ এপ্ৰিলৰ পৰা হ'ব কাৰ্যকৰী

    বৰ্তমানলৈ চৰকাৰে কেৱল চালকৰ আসনৰ কাষতহে এয়াৰবেগ থকাটো বাধ্যতামূলক কৰিছিল। যদিও এতিয়াৰে পৰা ভাৰতত বিক্ৰী হোৱা সকলো বাহনতেই ডুৱেল ফ্ৰণ্ট এয়াৰবেগ থকাটো বাধ্যতামূলক হৈ পৰিব।

    বৰ্তমানলৈ চৰকাৰে কেৱল চালকৰ আসনৰ কাষতহে এয়াৰবেগ থকাটো বাধ্যতামূলক কৰিছিল। যদিও এতিয়াৰে পৰা ভাৰতত বিক্ৰী হোৱা সকলো বাহনতেই ডুৱেল ফ্ৰণ্ট এয়াৰবেগ থকাটো বাধ্যতামূলক হৈ পৰিব।

    বৰ্তমানলৈ চৰকাৰে কেৱল চালকৰ আসনৰ কাষতহে এয়াৰবেগ থকাটো বাধ্যতামূলক কৰিছিল। যদিও এতিয়াৰে পৰা ভাৰতত বিক্ৰী হোৱা সকলো বাহনতেই ডুৱেল ফ্ৰণ্ট এয়াৰবেগ থকাটো বাধ্যতামূলক হৈ পৰিব।

    • Share this:
    বাহনৰ সুৰক্ষাৰ দিশটোলৈ লক্ষ্য ৰাখি ভাৰত চৰকাৰে আনিছে নতুন নিয়ম। এই নিয়ম অনুসৰি বাহনৰ সন্মুখ আসনৰ যাত্ৰীৰ কাষত এয়াৰবেগ ৰখাটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে।

    পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে এই সন্দৰ্ভত জাৰি কৰিছে এখন খচৰা অধিসূচনা। বৰ্তমানলৈ চৰকাৰে কেৱল চালকৰ কাষতহে এয়াৰবেগ থকাটো বাধ্যতামূলক কৰিছিল। যদিও এতিয়াৰে পৰা ভাৰতত বিক্ৰী হ'বলগীয়া সকলো বাহনতেই ডুৱেল ফ্ৰণ্ট এয়াৰবেগ থকাটো বাধ্যতামূলক হ'ব।

    ইয়াৰ পূৰ্বে বিগত বছৰত চৰকাৰে সকলো বাহনতে চালকৰ কাষত এয়াৰবেগৰ সুবিধা বাধ্যতামূলক কৰিছিল। যিহেতু এআইএছে পূৰ্বে সন্মুখৰ যাত্ৰী আসনৰ বাবে এয়াৰবেগ বাধ্যতামূলক বুলি নিৰ্ধাৰণ কৰি দিয়া নাছিল, সেয়েহে অধিকাংশ গাড়ী নিৰ্মাতাই এই দিশটোক গুৰুত্বসহকাৰে লোৱা নাছিল আৰু সকলো গাড়ীত এই সুবিধা ৰখা নাছিল।

    যিহেতু ডুৱেল এয়াৰবেগ উচ্চমানবিশিষ্ট বাহনৰ লগতে নামী দামী বাহনৰ ক্ষেত্ৰত সাধাৰণতে থকা দেখা যায়, তথাপিও ভাৰতৰ অধিকাংশ বাহন নিৰ্মাতাই কম বাজেটৰ বাহনবোৰত অতিৰিক্ত এয়াৰবেগ ব্যৱস্থা কৰে। মাৰুতি চুজুকিয়ে এই ডুৱেল এয়াৰবেগ ইয়াৰ অ'ল'টো, এছ-প্ৰেছ' , চেলেৰিঅ' আৰু ৱাগন আৰ মডেলত প্ৰদান নকৰে যদিও বিকল্প (O) প্ৰকাৰত এই গাড়ীসমূহত এই  সুবিধা অন্তৰ্ভূক্ত কৰে। একেদৰে ৰেনল্ট, কুইড, হুণ্ডাইৰ চেণ্ট্ৰো আৰু অন্যান্য কম মূল্যৰ বাহনত এই সুবিধা থকা দেখিবলৈ পোৱা নাযায়।

    চৰকাৰৰ শেহতীয়া অধিসূচনা অনুসৰি, নতুন বাহনবোৰৰ ক্ষেত্ৰত ১ এপ্ৰিলৰ পৰা নতুন নিয়ম বাধ্যতামূলক হ'ব। ইয়াৰ বিপৰীতে ভাৰতত বিক্ৰী হোৱা মডেলবোৰক ১ আগষ্টৰ ভিতৰত প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
    Published by:Himangshu Bhuyan
    First published: