உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Govt issues advisory to TV channels: কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বাতৰি পৰিৱেশন আৰু শিৰোনামক লৈ ব্যক্তিগত টিভি চেনেলৰ বাবে পৰামৰ্শ

    Govt issues advisory to TV channels: কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বাতৰি পৰিৱেশন আৰু শিৰোনামক লৈ ব্যক্তিগত টিভি চেনেলৰ বাবে পৰামৰ্শ

    Union Ministry of Information and Broadcasting : ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ ক্ষেত্ৰত মন্ত্ৰালয়ে অনুভৱ কৰিছিল যে টিভি চেনেলসমূহে বিস্ময়কৰ বা ভুল শিৰোনাম দিছে, যাৰ বাতৰিটোৰ সৈতে কোনো সম্পৰ্ক নাই৷

    Union Ministry of Information and Broadcasting : ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ ক্ষেত্ৰত মন্ত্ৰালয়ে অনুভৱ কৰিছিল যে টিভি চেনেলসমূহে বিস্ময়কৰ বা ভুল শিৰোনাম দিছে, যাৰ বাতৰিটোৰ সৈতে কোনো সম্পৰ্ক নাই৷

    Union Ministry of Information and Broadcasting : ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ ক্ষেত্ৰত মন্ত্ৰালয়ে অনুভৱ কৰিছিল যে টিভি চেনেলসমূহে বিস্ময়কৰ বা ভুল শিৰোনাম দিছে, যাৰ বাতৰিটোৰ সৈতে কোনো সম্পৰ্ক নাই৷

    • Share this:

    কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সংবাদ পৰিৱেশন আৰু শিৰোনামৰ ক্ষেত্ৰত ব্যক্তিগত চেনেলসমূহক এক সতৰ্কতামূলক পৰামৰ্শ জাৰি কৰিছে৷ অসত্য দাবী আৰু বিকৃত শিৰোনাম প্ৰকাশ কৰাৰ বাবে উপযুক্ত আচৰণ বিধিৰ কথা মনত পেলাই দিয়া হৈছে৷ শনিবাৰে জাৰি কৰা বিতং পৰামৰ্শমূলক বিবৃতিত কোৱা হৈছে যে কেবল টেলিভিছন নেটৱৰ্ক (নিয়মাৱলী) আইন, ১৯৯৫ৰ ধাৰা ২০ অনুসৰণ কৰা উচিত।


    মন্ত্ৰালয়ে দাবী কৰিছিল যে শেহতীয়াকৈ কেইবাটাও ছেটেলাইট টেলিভিছন চেনেলত কিছুমান ঘটনা এনেদৰে প্ৰচাৰিত কৰা হৈছে যে সেইবোৰ অসত্য, দৰ্শকক বিপথে পৰিচালিত কৰিব পৰা আৰু সংবেদনশীল৷ এইটোও অভিযোগ কৰা হৈছে যে সেই সম্প্ৰচাৰসমূহত আপত্তিজনক ভাষা আৰু মন্তব্য ব্যৱহাৰ কৰা হৈছিল৷ চৰকাৰী মন্ত্ৰালয়ে ইয়াৰ ভাষাত বৰ্ণবিদ্বেষৰ ছাঁ আছিল বুলি উল্লেখ কৰি সেইবোৰৰ সম্বোধন আছিল সৌজন্য আৰু শালীনতাৰ বিপৰীত৷


    উদাহৰণ স্বৰূপে, মন্ত্ৰালয়ে এডভাইচৰীত ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষ আৰু উত্তৰ-পশ্চিম দিল্লীৰ নিৰ্দিষ্ট ঘটনাৰ বিষয়ে কয়৷ অভিযোগ কৰা হৈছে যে এই ঘটনাবোৰৰ কভাৰেজৰ ক্ষেত্ৰত টিভি চেনেলৰ বাতৰি আৰু বিতৰ্কত প্ৰ'গ্ৰাম কোড বা অনুষ্ঠানবিধি অৱমাননা কৰিছে৷


    ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ ক্ষেত্ৰত মন্ত্ৰালয়ে অনুভৱ কৰিছিল যে টিভি চেনেলসমূহে বিস্ময়কৰ বা ভুল শিৰোনাম দিছে, যাৰ বাতৰিটোৰ সৈতে কোনো সম্পৰ্ক নাই৷ সাংবাদিকসকলেও ভিত্তিহীন আৰু অতিৰঞ্জিত দাবী কৰিছিল৷ মন্ত্ৰালয়ৰ বিবৃতিত দৰ্শকসকল তেওঁলোকৰ অতিশয়োক্তিৰ বাবে ক্ষুব্ধ বুলিও দাবী কৰা হৈছে৷ ইয়াৰ উপৰি দিল্লী হিংসাৰ বাতৰিত উচটনিমূলক শিৰোনাম আৰু সংঘৰ্ষৰ ভিডিঅ'ত বৰ্ণবাদ বিয়পাইছে বুলি অভিযোগ কৰা হৈছে আৰু ইয়াৰ ফলত শান্তি ব্যৱস্থা আৰু পৰিৱেশ বিঘ্নিত হৈছে বুলি বিশ্বাস কৰা হয়৷ এই সন্দৰ্ভত, টিভি চেনেলবোৰে বিকৃত শিৰোনাম বহন কৰিছে, যিবোৰে কৰ্তৃপক্ষৰ কাৰ্যকলাপলৈ সাম্প্ৰদায়িকতাৰ ৰহণ লগাইছে।


    কেন্দ্ৰীয় মন্ত্ৰালয়ে ব্যক্তিগত টিভি চেনেলসমূহকো বিতৰ্ক পৰিৱেশন কৰাত সতৰ্ক কৰি দিছে৷ অভিযোগ কৰা হৈছে যে বিতৰ্কৰ সময়ত অসংসদীয়, উচটনিমূলক আৰু সামাজিকভাৱে অগ্ৰহণযোগ্য ভাষা, সাম্প্ৰদায়িক মন্তব্য আৰু নিম্নমানৰ উদাহৰণ ব্যৱহাৰ কৰা হৈছে৷ ই দৰ্শকৰ মনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে৷


    শনিবাৰে প্ৰকাশিত এক বিবৃতিত কেন্দ্ৰীয় মন্ত্ৰালয়ে এনে দূৰদৰ্শন কাৰ্যসূচীৰ ওপৰত তীব্ৰ উদ্বেগ প্ৰকাশ কৰে আৰু কেবল টেলিভিছন নেটৱৰ্ক (নিয়ন্ত্ৰণ) আইন, ১৯৯৫ আৰু ইয়াৰ অধীনৰ নিয়ম-কানুন উলংঘা নকৰিবলৈ দৃঢ়ভাৱে পৰামৰ্শ দিয়ে।

    Published by:Gautam Barman
    First published: