NRC আৰু CAAক লৈ বিভ্ৰান্তি দূৰ কৰাৰ প্ৰয়াস চৰকাৰৰ

News18 Assam | News18-Assam
Updated:December 19, 2019, 7:04 PM IST
NRC আৰু CAAক লৈ বিভ্ৰান্তি দূৰ কৰাৰ প্ৰয়াস চৰকাৰৰ
বিজেপি নেতৃত্বাধীন চৰকাৰৰ মতে দেশত এনআৰচি আৰু ‘কা’ক লৈ অপপ্ৰচাৰৰ চলাইছে একাংশই। চৰকাৰী সূত্ৰই সেয়েহে নাগৰিকৰ কাৰণে প্ৰকৃত ছবি তুলি ধৰাৰ চেষ্টা কৰিছে।

বিজেপি নেতৃত্বাধীন চৰকাৰৰ মতে দেশত এনআৰচি আৰু ‘কা’ক লৈ অপপ্ৰচাৰৰ চলাইছে একাংশই। চৰকাৰী সূত্ৰই সেয়েহে নাগৰিকৰ কাৰণে প্ৰকৃত ছবি তুলি ধৰাৰ চেষ্টা কৰিছে।

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ লগতে সমগ্ৰ দেশত প্ৰতিবাদ আৰু বিক্ষোভ অব্যাহত। অসমৰ বাহিৰত নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিক লৈ সংমিশ্ৰিত ক্ষোভৰ পৰিৱেশ। বিগত এটা সপ্তাহ ধৰি কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে কৈ আছে যে প্ৰকৃত ভাৰতীয় নাগৰিকে কোনো সমস্যাৰ সন্মুখীন নহয়। বিজেপি নেতৃত্বাধীন চৰকাৰৰ মতে কা–এনআৰচিক লৈ একাংশই অপপ্ৰচাৰ চলাই পৰিৱেশ বিনষ্ট কৰিছে। চৰকাৰে সেয়ে প্ৰকৃত ছবি প্ৰশ্নোত্তৰৰ মাধ্যমেৰে তলত দিয়া ধৰণে তুলি ধৰিছে।

প্ৰশ্নঃভাৰতীয় মুছলমানসকলে CAA + NRCৰ কাৰণে উদ্বিগ্ন হ’ব লাগিব নে কি?

উত্তৰঃ কোনো ধৰ্মৰ ভাৰতীয় নাগৰিকে CAA অথবা NRCক লৈ চিন্তিত হ’ব নালাগে।

প্ৰশ্নঃধৰ্মৰ ভিত্তিত মানুহক NRCৰ পৰা বিতাৰন কৰা হ’ব নে কি?

উত্তৰঃNRC ধৰ্মকেন্দ্ৰিক নহয়। যেতিয়া এনআৰচি কৰা হ’ব তেতিয়া কোনো ধৰ্মীয় ভিত্তি নাথাকে।

প্ৰশ্নঃ নাগৰিকত্ন কেনেকৈ নিৰ্ধাৰণ কৰা হয়। চৰকাৰৰ হাতত থাকিব নে কি?

উত্তৰঃ দ্য চিটিজেনশ্যিপ এক্ট, ১৯৫৫ৰ আধাৰত ফ্ৰেম কৰা  দ্য চিটিজেনশ্যিপ ৰুল, ২০০৯ৰ ভিত্তিত নাগৰিকত্ব নিৰ্ধাৰণ কৰা হয়। এয়া ৰাজহুৱা ক্ষেত্ৰৰ বিষয়। পাঁচটা প্ৰকাৰেৰে ভাৰতীয় নাগৰিকত্ব নিৰ্ধাৰণ কৰা হয়।

১) জন্মসূত্ৰে নাগৰিকত্ব

২) উত্তৰাধিকাৰ সূত্ৰে নাগৰিকত্ব

৩) পঞ্জীয়নৰ দ্বাৰা নাগৰিকত্ব

৪) স্বাভাৱিকীকৰণ ( নেচুৰেলাইজেশ্যন)ৰ দ্বাৰা নাগৰিকত্ব

৫) ক্ষেত্ৰ সন্মিলিতকৰণৰ দ্বাৰা নাগৰিকত্ব

প্ৰশ্নঃ যেতিয়া NRC আহিব, তেতিয়া মই মোৰ পিতৃ–মাতৃৰ জন্মৰ তথ্যও দিব লাগিব নে কি নাগৰিকত্ব প্ৰমাণ কৰিবলৈ।

উত্তৰঃ নাগৰিকত্বৰ কাৰণে আপোনাৰ জন্ম তাৰিখ, মাহ, বছৰ আৰু জন্মৰ ঠাই পৰ্যাপ্ত। যদি এয়া নাথাকে তেনেহ’লে আপুনি আপোনাৰ অভিভাৱকৰ তথ্য দিবলগীয়া হ’ব পাৰে। কিন্তু অভিভাৱকৰ কোনো তথ্য বাধ্যতামূলকভাৱে দিব নালাগে। জন্মৰ তাৰিখ আৰু ঠাইৰ দ্বাৰাই নাগৰিকত্ব প্ৰমাণ কৰিব পাৰি। কি কি নথি ইয়াৰ কাৰণে দিব লাগিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও ইয়াত ভোটাৰ কাৰ্ড, পাছপৰ্ট, আধাৰ, লাইচেন্স, ইন্সুৰেন্স কাকত, জন্মৰ প্ৰমাণপত্ৰ, বিদ্যালয় এৰাৰ প্ৰমাণ পত্ৰ, ভূমি বা ঘৰৰ কাগজ আদি যিবোৰ নথি স্বীকৃতিপ্ৰাপ্ত ৰাজহুৱা কৰ্তৃপক্ষই দিছে সেইবোৰ মান্য হ’ব। এই নথিৰ তালিকা যথেষ্ট দীঘলীয়া কৰা হ’ব যাতে কোনো ভাৰতীয় নাগৰিকে হাৰাশাস্তিৰ সন্মুখীন নহয়।

প্ৰশ্নঃ যেতিয়া NRC আহিব তেতিয়া মই ১৯৭১চনৰ পূৰ্বৰ পিতৃপুৰুষৰ তথ্য প্ৰমাণ দিব লাগিব নে কি?

উত্তৰঃ নহয়, আপুনি ১৯৭১চনৰ পূৰ্বৰ আপোনাৰ অভিভাৱকৰ পৰিচয় পত্ৰ বা জন্মপত্ৰ আদিৰে প্ৰমাণ দিব নালাগে।  এয়া কেৱল অসম NRCৰ কাৰণেহে প্ৰযোজ্য আছিল। অসম চুক্তিৰ আধাৰত উচ্চতম ন্যায়ালয়ৰ এয়া নিৰ্দেশনা আছিল। বাকী দেশত NRC প্ৰক্ৰিয়া সম্পূৰ্ণ পৃথক হ’ব আৰু এয়া The Citizenship (Registration of Citizens and Issue of National Identity Cards) Rules, 2003ৰ অধীনত নিৰ্ধাৰণ কৰা হ’ব।

প্ৰশ্নঃ যদিহে এজন ব্যক্তি নিৰক্ষৰ আৰু পৰ্যাপ্ত নথি নাথাকে তেওঁৰ কি হ’ব?

উত্তৰঃ এনেকুৱা ক্ষেত্ৰত চৰকাৰে তেওঁক সাক্ষী লৈ আহিবলৈ অনুমতি দিব। অথবা অন্যান্য প্ৰমাণ বা সম্প্ৰদায়ৰ স্বীকৃতিপত্ৰ আদিৰেও কাম হ’ব। এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ’ব বিষয়টো। কোনো ভাৰতীয় নাগৰিকক সমস্যাত পেলোৱা নহয়।

প্ৰশ্নঃ NRCত তৃতীয় লিংগ, নাস্তিক, আদিবাসী, দলিত, মহিলা আৰু ভূমিহীনক বাদ দিয়া হ’ব নে কি?

উত্তৰঃ নহয়, যেতিয়া NRC কৰা হ’ব তেতিয়া উপৰোক্ত কোনো আশংকা সঁচা নহয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি