কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ এন জি অ'লৈ বিদেশী অনুদান (FCRA) বন্ধ কৰিলে গৃহ মন্ত্ৰালয়ে। ৰাজীৱ গান্ধী ফাউণ্ডেচনলৈ বিদেশী অনুদানৰ নামত চীন দেশৰ পৰাও অনুদান লাভ কৰাৰ তথ্য আছে বুলি গৃহ মন্ত্ৰালয়ে উল্লেখ কৰি বাতিল কৰে বিদেশী অনুদান। ৰাজীৱ গান্ধী ফাউণ্ডেচনৰ লগতে ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্টৰো অনুদান বাতিল কৰে।
এই দুয়োটা এন জি অ'ৰ মুৰব্বী ছোনিয়া গান্ধী। দুয়োটা প্ৰতিষ্ঠানে নিয়ম বহিৰ্ভূতভাৱে বিদেশী ধন সংগ্ৰহ কৰাৰ প্ৰমাণ লাভ কৰা বুলি উল্লেখ কৰি
গৃহ মন্ত্ৰালয়ে তদন্তৰ পিছত বাতিল অনুমতি দিয়ে।
RGFৰ ট্ৰাষ্টিসকলৰ ভিতৰত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰণ, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী। অভিযোগ মতে, তদন্তত আয়কৰ সম্বন্ধীয় কাগজ পত্ৰ হেৰ-ফেৰ, পুঁজিৰ অপব্যৱহাৰ আৰু নিয়ম বহিৰ্ভূতভাৱে বিদেশৰ পৰা অনুদান সংগ্রহৰ কথা পোহৰলৈ আহিছে বুলি জানিবলৈ দিছে তদন্তকাৰী বিষয়াই।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|