মোদী চৰকাৰে কৰিলে আন এক ঘোষণা, ২০২০লৈ ২.৫ লাখ গাঁৱত বিনামূলীয়া Wi-Fi সেৱা

News18 Assam | News18-Assam
Updated:December 26, 2019, 3:16 PM IST
মোদী চৰকাৰে কৰিলে আন এক ঘোষণা, ২০২০লৈ ২.৫ লাখ গাঁৱত বিনামূলীয়া Wi-Fi সেৱা
বৰ্তমান ভাৰতনেটৰ জৰিয়তে ৪৮,০০০ গাঁৱত Wi-Fi সেৱা প্ৰদান কৰা হৈছে।

বৰ্তমান ভাৰতনেটৰ জৰিয়তে ৪৮,০০০ গাঁৱত Wi-Fi সেৱা প্ৰদান কৰা হৈছে।

  • Share this:
২০২০ চনৰ মাৰ্চলৈ দেশৰ ২.৫ লাখ গাঁৱত হ’ব বিনামূলীয়া Wi-Fi সেৱা। এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি আৰু দূৰসংযোগ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে। ভাৰতনেটৰ জৰিয়তে দেশজুৰি এই সেৱা প্ৰদানৰ লক্ষ্য লৈছে চৰকাৰে।

প্ৰসাদে কয় যে আমি ১.৩ লাখ গাঁও পঞ্চায়তক ভাৰতনেট অপ্টিকেল ফাইবাৰেৰে সংযোগ কৰিছো। আমাৰ লক্ষ্য ২.৫ লাখ গাঁও পঞ্চায়তক এই ব্যৱস্থাৰে সংযুক্ত কৰা। ভাৰতনেট সেৱাৰ ব্যৱহাৰ বৃদ্ধিৰ উদ্দেশ্যে সকলো গাঁৱত ২০২০লৈ বিনামূলীয়া Wi-Fi প্ৰদান কৰা হ’ব। বৰ্তমান ভাৰতনেটৰ জৰিয়তে ৪৮,০০০ গাঁৱত Wi-Fi সেৱা প্ৰদান কৰা হৈছে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি